মাজুলীৰ পৰা ৰাজীৱ পাতিৰ :
ব্ৰহ্মপুত্ৰৰ জলস্তৰ অত্যন্ত বিপদজনক ৰূপত বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি আভ্যন্তৰীণ জল পৰিবহন বিভাগে আজি আবেলিৰ পৰা কাৰ্যকৰী হোৱাকৈ মাজুলী-নিমাতিঘাটকে ধৰি বিভাগটোৰ ডিব্ৰগড় সংমণ্ডল কাৰ্যালয়ৰ এলেকাধীন ব্ৰহ্মপুত্ৰৰ সকলো পাৰঘাটৰ পৰা নিয়মীয়া ফেৰীসেৱা বন্ধ ৰখাৰ নিৰ্দেশ দিছে। আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ ডিব্ৰগড় সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা মতীন্দ্ৰ চন্দ্ৰ বিশ্ব শৰ্মাই আজি এই নিৰ্দেশ জাৰি কৰে।
বিভাগটোৰ ফালৰ পৰা পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত এই ফেৰীসেৱা বন্ধ থাকিব বুলি কাৰ্যবাহী অভিযন্তাগৰাকীয়ে নিৰ্দেশটোত ঘোষণা কৰিছে। তেওঁ জনোৱা মতে, ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পাই বৃহৎ ঢৌৱে নদীখনৰ জলপথত সৃষ্টি কৰা বিপজ্জনক পৰিস্থিতিৰ পৰিবৰ্তন হলেই নিয়মীয়া ফেৰীসেৱা পুণৰ বাহাল ৰখাৰ সিদ্ধান্ত ল'ব বিভাগে।
- Log in to post comments
- 5 views