যুৱতীৰ অভিযোগৰ ভিত্তিত নগাঁৱত কংগ্ৰেছ নেতাক গ্ৰেপ্তাৰ 

nagaon

ৱাহিদুদ জামান,নগাঁও : 
চাকৰিৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰা আৰু ভয় ভাবুকি প্ৰদান কৰাৰ অভিযোগত নগাঁও জিলাৰ এজন কংগ্ৰেছ নেতা গ্ৰেপ্তাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, এইজন কংগ্ৰেছ নেতাই দীৰ্ঘদিন ধৰি বিভিন্ন জনক চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাকে ধৰি বিভিন্ন অপৰাধজনিত ঘটনা সংঘটিত কৰি আহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল । অবশেষত এইজন নেতা আৰক্ষীৰ জালত পৰিল। শেহতীয়াভাবে শোণিতপুৰ জিলাৰ এগৰাকী যুৱতীক চাকৰি দিয়াৰ প্ৰলোভনৰে তেওঁৰ পৰা নগদ ধন লৈ প্ৰৱঞ্চনা কৰাৰ অভিযোগত কলি নিশা নগাঁও চহৰৰ বৰঘাট আৰক্ষী চকীৰ আৰক্ষীয়ে নগাঁৱৰ চলচলিৰ মণ্ডল কংগ্ৰেছৰ সভাপতি আব্দুল গফুৰক গ্ৰেপ্তাৰ কৰে।আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, তেজপুৰৰ নেপালী বস্তিৰ প্ৰতিমা দেৱী নামৰ যুৱতী এগৰাকীক চৰকাৰী চাকৰি দিয়াৰ নামত কংগ্ৰেছ নেতাজনে তেওঁৰ পৰা প্ৰথম কিস্তিত ১৫হেজাৰ টকা উৎকোচ হিচাপে লৈছিল।কিন্তু টকা লোৱাৰ পাছতো চাকৰি দিব নোৱাৰাত কংগ্ৰেছ নেতা জনক  যুৱতী গৰাকীয়ে তিনি দিন পূৰ্বে  নগাঁৱৰ বৰঘাটৰ বাইপাছত লগ কৰিছিল ।

তেতিয়া কংগ্ৰেছ নেতা জনে যুৱতী গৰাকীক ভয় ভাবুকি প্ৰদান কৰাৰ লগতে ডিঙিৰ সোণৰ চেইণ ডালো কাঢ়ি নিয়ে বুলি অভিযোগ তুলি যুৱতী গৰাকীয়ে বৰঘাত আৰক্ষী চকীত কংগ্ৰেছ নেতা জনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল।এই এজাহাৰ ভিত্তিত নগাঁও সদৰ আৰক্ষী থানাত কংগ্ৰেছ নেতা জনৰ বিৰুদ্ধে ১৮১২/১৯নম্বৰত এক গোচৰ পঞ্জীয়নভূক্ত  হয় আৰু সেই গোচৰ মৰ্মেই ঘৰঘাত আৰক্ষীয়ে আজি কংগ্ৰেছ নেতা জনক নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে। গফুৰৰ বিৰুদ্ধে নগাঁও সদৰ থানাত ইতিমধ্যেই ১৭৬৩/১৯নম্বৰৰ আন এক গোচৰ পঞ্জীয়ন হৈ আছে। ইফালে আন এক সূত্ৰৰ পৰা জানিব পৰা মতে, কংগ্ৰেছ নেতা আব্দুল গফুৰৰ বিৰুদ্ধে  কেইবাখনো থানাত গোচৰ ৰুজু হৈ আছে। আজি আৰক্ষীয়ে আব্দুল গফুৰক আদালতত হাজিৰ কৰায় আৰু সোধ -পোছৰ বাবে  নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে দুদিনৰ জিম্মাত লয়। আৰক্ষীয়ে এই সন্দৰ্ভত  নাছিৰ নামৰ আন এজন লোককো আটক কৰি জেৰা  অব্যাহত ৰখা বুলি জানিব পৰা গৈছে। 

Your Comments