বাক্সাৰ পৰা আমিনুল হকৰ প্রতিবেদন :
এন আৰ চিৰ খচৰাত নাম অন্তৰ্ভূক্ত নোহোৱাৰ বাবেই পুনৰ আত্মহত্যাৰ পথ বাচি ললে বাক্সা জিলাৰ গোৱৰ্ধনা আৰক্ষী চকীৰ অন্তৰ্গত চূণবাৰীৰ আমবৰ আলী নামৰ এজন ৫৯ বছৰীয়া লোকে৷ ডি ভোটাৰ হিচাপে চিহ্নিত হৈ মানসিকভাৱে ভাগি পৰি আত্মহত্যাৰ পথ বাচি লোৱা বুলি পৰিয়ালৰ লোকে সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ শেহতীয়াভাবে লোকজনৰ নাম এন আৰ চিৰ খচৰাতো অন্তৰ্ভূক্ত নোহোৱাত লোকজনে মানসিক ভাৱে ভাগি পৰাৰ লগতে তেওৰ এই ভীতি সম্পৰ্কে ওচৰ চুবিৰীয়াকো অৱগত কৰিছিল৷ কিন্তু দেওবাৰে নিশা ৰেলে কটা অৱস্থাত লোকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে পৰিয়ালটোত হুৱা দুৱা লাগে আৰু এন আৰ চি আৰু ডি ভোটাৰ সমস্যাত জৰ্জৰিত হৈয়েই লোকজনে আত্মহত্যাৰ পথ বাচি লোৱা বুলি পৰিয়ালৰ লোকে আভিযোগ উত্থাপন কৰে৷ এই ঘটনাক আমছুৰ বাক্সা জিলাৰ সাধাৰণ সম্পাদক শ্বাহাদত হুছেইনে চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে।
- Log in to post comments
- 17 views
