ৱাহিদুদ জামান, নগাঁও, ৮ জুলাই :
অভিবক্ত নগাঁও জিলাত সম্প্ৰতি জাপানীজ এনকেফেলাইটিছ ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰিছে। জিলাখনৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদূৰ্ভাৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। জিলাখনৰ কাকী, যমুনামুখ, কামপুৰ, কচুৱা, কঠীয়াতলী, বামুণি, চামগুৰি, ছালনা, শাকমুঠিয়া, লাওখোৱা, ৰূপহী, পুৰণিগুদাম, ধিঙকে ধৰি বহু কেইটা অঞ্চলত জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া, ডেংগু আদি ৰোগৰ প্ৰভাৱ উদ্বেগজনক ভাবে বৃদ্ধি হৈছে। নগাঁও জিলাত বৰ্তমানলৈকে জাপানীজ এনকেফেলাইটিছত ৮ জন লোকৰ মৃত্যু হৈছে। অৱশ্যে নগাঁও জিলা স্বাস্থ্য বিভাগে জিলাখনত ৪ জন লোকৰ জাপানীজ এনকেফেলাইটিছত মৃত্যু হোৱাৰ কথা সদৰি কৰিছে। স্বাস্থ্য বিভাগে জনোৱা মতে, জিলাখনত আন তিনিজন লোক জাপানীজ এনকেফেলাইটিছ ৰোগত মৃত্যু হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে।
জিলা স্বাস্থ্য বিভাগৰ এক সুত্ৰই জনোৱা মতে, জাপানীজ এনকেফেলাইটিছ ৰোগত মৃত্যু হোৱা আটাইকেইজন লোকেই ১৮ বছৰৰ উৰ্দ্ধৰ। শেষতীয়াকৈ জিলাখনৰ জখলাবন্ধা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত শাকমুঠিয়াৰ কৃষ্ণ টেৰণ নামৰ এজন যুৱকৰ এই ৰোগত মৃত্যু হৈছে। স্বাস্থ্য বিভাগৰ এক সূত্ৰই জনোৱা মতে, নগাঁও জিলাত আজিলৈকে জাপানীজ এনকেফেলাইটিছত ৭ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে নতুনকৈ পুনৰ ১৫ জন লোক এই ৰোগত আক্ৰান্ত হৈছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। ইয়াকে লৈ নগাঁও জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্তৰ সংখ্যা ২২ জনলৈ বৃদ্ধি পালে। জিলাখনৰ চৰকাৰী চিকিৎসালয়ত এই ৰোগৰ চিকিৎসাৰ সকলো ব্যৱস্থা আছে যদিও এই ৰোগত আক্ৰান্ত অধিকাংশৰেই পৰিয়ালৰ লোকে গুৱাহাটীকে ধৰি বিভিন্ন স্থানৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰোৱা পৰিলক্ষিত হৈছে।
শেষতীয়া তথ্য অনুসৰি, জিলাখনৰ পুৰণিগুদাম হাতী গাঁৱৰ ননী দেবী (৫২) নামৰ এগৰাকী মহিলা এই ৰোগত আক্ৰান্ত হৈ সম্প্ৰতি দিছপুৰ হস্পিতালত চিকিৎসাধীন হৈ আছে। ননী দেবী অতি সংকটজনক অৱস্থাত মৃত্যুৰ সৈতে যুজি আছে। ইপিনে, জিলাখনৰ ধিঙৰ মোলানী বৰা(৬০) নামৰ মহিলা গৰাকী আজি প্ৰায় কেইবাদিনো ধৰি এই ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন চিকিৎসালয়ৰ চিকিৎসাধীন হৈ আছে। আনহাতে, জিলাখনৰ কঠীয়াতলী প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰ, জখলাবন্ধা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ছিমনাবস্তী প্ৰাৰ্থমিক স্বাস্থ্যকেন্দ্ৰ এলেকাধীন অঞ্চলসমূহৰ লগতে আন আন অঞ্চলতো মেলেৰীয়া ৰোগৰ প্ৰভাৱ বৃদ্ধি হৈছে। জিলাখনত বৰ্তমানলৈকে ২৫ জনৰো অধিক লোক মেলেৰীয়াত আক্ৰান্ত হোৱাৰ লগতে ৪ জন লোক ডেংগুত আক্ৰান্ত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।
ইপিনে, নগাঁও জিলা স্বাস্থ্য বিভাগে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে ৰাইজৰ মাজত সজাগতা অভিযান অব্যাহত ৰাখিছে। জিলাখনৰ বিভিন্ন স্থানত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে বিভিন্ন ধৰনৰ পুষ্টিকা বিতৰণ কৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে। মনকৰিবলগীয়া যে জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে জিলাখনৰ বিভিন্ন চিকিৎসালয়ত প্ৰয়োজনীয় চিকিৎসক নথকাত সমস্যাৰ সৃষ্টি হৈছে। স্বাস্থ্য বিভাগৰ সূত্ৰটোৱে জনোৱা মতে, জিলা খনত বৰ্তমান ৪০ টা জ্যেষ্ঠ চিকিৎসকৰ পদ খালী আছে।
- Log in to post comments
- 23 views