ভৱানীপুৰত সৰ্বশিক্ষা মিছনৰ উদ্যোগত ১০ দিনীয়া গ্ৰীষ্মকালীন শিৱিৰ

vabanipur

ভৱানীপুৰৰ পৰা বুবু কলিতাৰ প্রতিবেদন :

বৰপেটা জিলাৰ বজালী মহকুমাৰ ভৱানীপুৰৰ ৭২ নং কঁহৰা নিম্ন বুনিয়াদী বিদ্যালয়ত যোৱা ১জুলাইৰ পৰা এক গ্ৰীষ্মকালীন শিৱিৰ অনুষ্ঠিত হয়।সৰ্বশিক্ষা মিছনৰ উদ্যোগত দহদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া উক্ত প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে কণ কণ ছাত্র ছাত্ৰী সকলক নৃত্য-গীতৰ উপৰি চিত্ৰাংকন , খেল-ধেমালি , সুন্দৰ হাতৰ আখৰ , মাটি আৰু কাগজৰ বস্তু সঁজা আদি ব্যৱহাৰিক জ্ঞানৰ লগত পৰিচয় কৰোৱাই ভৱিষ্যতে এজন সু-নাগৰিক হিচাপে গঢ়ি তোলাই এই কাৰ্যসূচীৰ প্ৰধান উদ্দেশ্য বুলি জানিব দিয়ে উদ্যোক্তা সকলে ।

vabanipur সমগ্ৰ বৰপেটা বৰপেটা জিলাতে চলি থকা এই কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকল উপকৃত হ'ব বুলি আশা কৰিছে অভিভাৱক তথা সচেতন লোকসকলে। পাঠ্যপুথিৰ শিক্ষাৰ বাদেও ব্যক্তিগত জীৱনৰ লগত সংগতি থকা শিক্ষা দিৱলৈ চেষ্টা কৰে । 

Your Comments