দক্ষিণ কামৰূপৰ পৰা নীহাৰিকা তালুকদাৰ :
ছয়গাঁৱৰ গোৱৰ্ধনত আজি বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ তীব্ৰবেগী এখন বাছ দলঙৰ ৰেলিঙত ওলমি ৰোৱাত বাছ খনৰ হেণ্ডিমেন জনৰ থিতাতে মৃত্যু হয় যদিও কথমপি প্ৰাণ ৰক্ষা পৰিল বাছখনত থকা ৩০ জনৰো অধিক যাত্ৰীৰ।মৃত হেণ্ডিমন জনক বালাগাওৰ দীপক কলিতা বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণীমতে এ এছ ০১এইছ চি ৭৪৪৪ নম্বৰৰ মা বিমলা নামৰ আল্ট্ৰা বাছখনে তীব্ৰ বেগেৰে গুৱাহাটীলৈ গৈ আছিল ৷ বাছখনে গোৱৰ্ধনৰ শনিমন্দিৰৰ ওচৰত আন এখন গাড়ীক অতিক্ৰম কৰিবলৈ লওঁতেই সন্মুখৰ পৰা অহা এ এছ ০১এ বি ৮৯২১ নম্বৰৰ ইণ্ডিকা গাড়ীখনক প্ৰচণ্ড খুন্দা মাৰি বাছখন মন্দিৰৰ ওচৰৰ দলঙৰ বাওফালে গুছি যায় আৰু বাছখন আধা দলংখনৰ পৰা নামি গৈ ৰেলিঙত আধাতে বাছখন ওলমি ৰয় ৷
লগে লগে ওচৰৰ একাংশ লোক দৌৰী আহি বাছখনৰ যাত্ৰী সকলৰ কাৰোবাক খিৰিকীৰে আৰু কাৰোবাক জৰুৰী দৰ্জাখনেৰে বাছখনৰ পৰা উদ্ধাৰ কৰে ৷ এই দুৰ্ঘটনাত বাছখনত থকা দুজনমান যাত্ৰী সামান্যভাৱে আঘাতপ্ৰাপ্ত হয় ৷
আনহাতে ইণ্ডিকাখনত থকা লোক কেইজনো সাধাৰণভাৱে আঘাতপ্ৰাপ্ত হয় ৷ অতি দুৰ্ভাগ্যজনক কথা এয়ে যে বাছখনৰ হেন্দিমেনজনে বহুসময় ধৰি বাছখনৰ ভিতৰতে চটফটাই আছিল যদিও বাছখনৰ ইঞ্জিনে তেওঁক চেপি ধৰাত তেওঁ ওলাই আহিব পৰা নাছিল। তেনে অৱস্থাত বাছখনৰ আগৰ অংশ কাটি হেন্দিমেনজনক জীৱিত অৱস্থাত উদ্ধাৰ কৰাৰ চেষ্টা চলাইছিল যদিও অৱশেষত বাছৰ ভিতৰতেই চতফটাই হেন্দিমেনৰজনে মৃত্যুক আকোৱালী লয় ৷ অৱশ্যে পিছত বাছখন ওচৰৰে গেৰেজলৈ আনি বাছখনৰ আগৰ অংশ কাটি হেন্দিমেনজনৰ মৃতদেহটো উদ্ধাৰ কৰে ৷
- Log in to post comments
- 5 views