লাহৰীঘাটৰ পৰা স্বামীমূল ইছলামৰ প্রতিবেদন :
ৰাজ্য চৰকাৰে শিক্ষা বিভাগটোৰ বিভিন্ন অভিলাষী আঁচনিৰ জৰিয়তে শিক্ষাখণ্ডৰ উন্নয়নৰ ঢাক-ঢোল বজোৱাৰ সময়তে বিভাগটোৰ এক নগ্ন স্বৰূপ পোহৰলৈ আহিছে লাহৰীঘাটত। গৰমৰ বন্ধ চলি থকা অৱস্থাত বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ নামত আবন্টিত মধ্যাহ্ন ভোজনৰ প্ৰায় চাৰি-পাঁচ বস্তা চাউল বিদ্যালয়খনৰ গাতে লাগি থকা টেমেহেৰুৱা জানত পেলাই দিয়া ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে।এই ঘটনা সংঘটিত হৈছে লাহৰীঘাট প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত পূৱ বৰখাবল প্ৰাথমিক বিদ্যালয়ত।বিদ্যালয়খনৰ প্ৰধান শিক্ষক ছিৰাজুল ইছলামে মধ্যাহ্ন ভোজনৰ চাউল ছাত্ৰ ছাত্ৰীক খুওৱাৰ পৰিবৰ্তে বিদ্যালয়ৰ ওচৰতে থকা জানত পোলোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অভিভাৱক আৰু স্থানীয় ৰাইজৰ মাজত।
বিতৰ্কিত প্ৰধান শিক্ষক ছিৰাজুল ইছলামৰ এনে অপকৰ্ম দেখি অভিভাৱকসকলৰ লগতে অসম মিঞা অসমীয়া যুৱ পৰিষদৰ সাধাৰণ সম্পাদক ফেৰদৌচ জিন্নাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে লাহৰীঘাট থানাত প্ৰধান শিক্ষক ছিৰাজুল ইছলামৰ বিৰুদ্ধে পৃথকে পৃথকে দুটা গোচৰ ৰুজু কৰি শিক্ষকজনক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে।উল্লেখ্য যে,প্ৰধান শিক্ষকজনে বিগত পাঁচ বছৰ ধৰি বিদ্যালয়ৰ পৰিচালনা সমিতি গঠন নকৰি এনে অৰাজকতা চলাই আহিছে।
এইক্ষেত্ৰত অভিভাৱক আৰু স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বহু আবেদন নিবেদন কৰিও বৰ্তমানেও কোনো সুফল লাভ কৰা নাই।প্ৰধান শিক্ষকজনে নিজ ভতিজাকক সভাপতি হিচাপে দেখুৱাই একনায়কত্ববাদেৰে বিদ্যালয়ৰ বিভিন্ন শিতানত আবণ্টিত ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় অভিভাৱক ৰাইজে।অভিযোগ মতে,এগৰাকী প্ৰাক্তন মন্ত্ৰীৰ আশিসপুষ্ট এইজন প্ৰধান শিক্ষক আৰু তেওঁৰ ভতিজাই মিলি বিভাগীয় নিৰ্দ্দেশনাক বুঢ়া আঙুলি দেখুৱাই নিৰ্বিঘ্নে চলাই আহিছে এনে লুণ্ঠন ৰাজ।বিভাগীয় নিৰ্দেশত পৰিচালনা সমিতি গঠনৰ উদ্দেশ্যে কেবাবাৰো সাধাৰণ সভা আহ্বান কৰা হৈছিল যদিও প্ৰধান শিক্ষকজনে পক্ষপাতিত্বমূলক ভূমিকা লোৱাৰ বাবেই পৰিচালনা সমিতিখন গঠণ কৰিব পৰা নাই বুলি স্থানীয় সচেতন মহলে অভিযোগ উত্থাপন কৰে। ৰাজ্যৰ শিক্ষা বিভাগে এনে বিতৰ্কিত শিক্ষকৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষনীয়।
- Log in to post comments
- 8 views