বঙাইগাঁওত  জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত ৪ জনৰ মৃত্যু,ৰোগ প্ৰতিৰোধৰ বাবে তৎপৰ জিলা প্ৰশাসন

bgn

বিশেষ প্ৰতিনিধিঃ বঙাইগাঁওঃ৮ জুলাইঃ

বঙাইগাঁও জিলাত দেখা দিয়া জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱৰ পিছত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে এই ৰোগ প্ৰতিৰোধৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ইতিমধ্যে যোৱা এক জুলাইত অনুষ্ঠিত জিলা টাস্ক ফৰ্চৰ জৰুৰী বৈঠকত জিলা উপায়ুক্ত আদিল খানে পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণৰ বাবে কঠোৰ নিৰ্দেশ দিয়ে ৷ উপায়ুক্তৰ নিৰ্দেশ অনুযায়ী প্ৰতিখন গাঁৱত চকু ৰখাৰ বাবে স্থানীয় আশা, এ ডব্লিউ ডব্লিউ, এছ ডব্লিউ, এম পি ডব্লিউ আৰু এ এন এম সকলকলৈ একোটাকৈ তদাৰকী দল গঠন কৰি দিয়া হৈছে ৷

তেওঁলোকে ঘৰে ঘৰে গৈ জ্বৰ হৈ থকা ৰোগী আছে নেকি পৰীক্ষা কৰিব আৰু তেজৰ নমুনা সংগ্ৰহ কৰিব ৷ যদিহে কোনো গুৰুতৰ ৰোগী ধৰা পৰে, তেন্তে ততালিকে তেওঁলোকে অসামৰিক চিকিৎসালয়ৰে যোগাযোগ কৰি ৰোগীজনক ১০৮ এম্বুলেন্সৰ যোগেৰে এজন স্বাস্থ্যকৰ্মীক লগত দি পঠোৱাৰ ব্যৱস্থা কৰিব ৷ আনহাতে প্ৰতিখন খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত সকলো চিকিৎসালয়তে ২৪x৭ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে ৷ সেইদৰে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ঔষধ পাতিসহ পাঁচ খনকৈ বিচনা আছুতীয়াকৈ ৰখা হৈছে ৷ তাৰোপৰি উন্নত চিকিৎসাৰ বাবে যিকোনো মুহুৰ্ততে ৰোগীক মেডিকেল কলেজলৈ পঠাব পৰাকৈ ১০৮ এম্বুলেন্স সাজু কৰি ৰখা হৈছে ৷ ৰাইজৰ মাজত সজাগতা সৃষ্টি আৰু ক্ষেত্ৰ পৰ্যায়ৰ নিৰীক্ষণৰ বাবে সকলো আৰ বি এছ কে  দল, এম এইচ টি আৰু ভ্ৰাম্যমান চিকিৎসা গোটক জড়িত কৰা হৈছে ৷bgn2

ইপিনে মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ভূপেন বৈশ্যই ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলক তেওঁলোকৰ দৈনিক কাম কাজৰ প্ৰতিবেদন ক্ষেত্ৰ চিকিৎসা বিষয়াক দাখিলৰ নিৰ্দেশ দিছে ৷ খণ্ড পৰ্যায়ৰ সকলো প্ৰতিবেদন একেলগ কৰি দৈনিক বিয়লি ৪ বজাৰ ভিতৰত জিলালৈ প্ৰেৰণ কৰিব লাগিব ৷ স্পৰ্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰি তাত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে ৷ লগতে সেই সমূহ অঞ্চলত ধোঁৱা দিয়াৰ কামো পূৰ্ণ গতিত চলি আছে ৷ জাপানীজ এনকেফেলাইটিছ আৰু ইয়াৰ প্ৰতিষেধক সম্পৰ্কে সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰি মাইকযাগে প্ৰচাৰ, প্ৰচাৰ পত্ৰিকা বিতৰণ, হ’ৰ্ডিং লগোৱা, সকলো চিকিৎসালয়ত দৃশ্য-শ্ৰাব্য মাধ্যমযোগে প্ৰচাৰ আদিও সমান্তৰালভাৱে চলাই থকা হৈছে ৷ জিলা উপায়ুক্ত আদিল খানৰ নিৰ্দেশ অনুযায়ী এই কামত শিক্ষা বিভাগ, মীন বিভাগ, পৌৰ সভা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগকো জড়িত কৰা হৈছে ৷bgn6

উল্লেখ্য যে এতিয়ালৈকে জিলাখনত ৩ জন জাপানীজ এনকেফেলাইটিছ ৰোগী ধৰা পৰিছে আৰু ইয়াৰে এজনৰ মৃত্যু হৈছে ৷ এজন বঙাইগাঁৱৰ ল’ৱাৰ আছাম চিকিৎসালয়ত চিকিৎসাাধীন হৈ আছে আৰু এজন আৰোগ্য লাভ কৰিছে ৷ আনহাতে এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হোৱা ৰোগী ১১ জন ধৰা পৰিছে আৰু ইয়াৰে ৩ জনৰ মৃত্যু হৈছে ৷ জিলা খনত পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন আৰু যিকোনো পৰিস্থিতিৰ মুখামুখী হ’ব পৰাকৈ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ সষ্টম হৈ আছে বুলি বঙাইগাঁও জিলা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা মিডিয়া এক্সপাৰ্ট পম্পী কলিতাই এক প্ৰেছ টোকাত উল্লেখ কৰিছে

Your Comments