বঙাইগাঁও জিলা আন্তঃ বিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ দিন ঘোষণা 

football

বঙাইগাঁওঃ ৮ জুলাইঃ

বঙাইগাঁও জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত অহা ১৫ আৰু ১৬ জুলাইত ১৪ বছৰ অনুৰ্ধৰ আৰু ১৭ বছৰ অনুৰ্ধৰ আন্তঃ বিদ্যালয় ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব ৷ বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাখনত ১৪ বছৰ অনুৰ্ধৰ খেলুৱৈৰ বাবে জন্মৰ তাৰিখ ১ জানুৱাৰী ২০০৬ আৰু অষ্টম শ্ৰেণীত পঢ়ি থকা হ'ব লাগিব ৷ আনহাতে ১৭ বছৰ অনুৰ্ধৰ খেলুৱৈৰ জন্মৰ তাৰিখ ১ জানুৱাৰী ২০০৩ আৰু খেলুৱৈজন দশম মান শ্ৰেণীত পঢ়ি থকা হ'ব লাগিব ৷ প্ৰতিযোগিতাখনত যোগদান কৰিব বিচৰা বিদ্যালয়সমূহক জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়( ৮৬৩৮৪৫৫৩৫৬)ৰ সৈতে যোগাযোগ কৰিবলৈ জিলা ক্ৰীড়া বিষয়া সত্যনাথ দাসে অনুৰোধ জনাইছে ৷

Your Comments