গোলাঘাটৰ পৰা মীনাক্ষি ফুকন
ৰঙাজান শিক্ষা আৰু উন্নয়ন সমিতি(READS)ৰ উদ্যোগত আৰু ছানু খেৰীয়া ক্লিনিকৰ সহযোগত ডা: ভাস্কৰ খেৰীয়া, ডঃ অচ্যুত দত্ত আৰু সহযোগী সকলৰ সহযোগত নাক, কাণ, ডিঙি আৰু ফিজিঅ-থেৰাপীৰ এক বিনামূলীয়া চিকিৎসা শিবিৰ দেওবাৰে ৰঙাজান চাহ বাগিচা চিকিৎসালয়ত অনুষ্ঠিত হয়। প্ৰায় ১০০ ৰো অধিক ৰোগীৰ চিকিৎসা আগবঢ়োৱা অনুষ্ঠানটিত প্ৰয়াত সমাজসেৱক ছানু খেৰীয়া দেৱৰ কৰ্তব্যৰাজিৰ বৰ্ণনা কৰে বিশিষ্ট সমাজকৰ্মী জুৱেল কেৰ্কেটাই। লগতে অনুষ্ঠানত উপস্থিত থাকি সহযোগিতা আগবঢ়ায় সমাজসেৱক ৰঞ্জিত বৰাই। বিশিষ্ট শিক্ষাবিদ অৰুণ খেৰীয়া, বাগিচা পৰিচালক কে. এন. গুপ্তা আৰু ৰঙাজানবাসীয়ে ৰিডছ্ ৰ পৰিয়ালটিলৈ আৰু চিকিৎসকলক ধন্যবাদ জ্ঞাপন কৰে ।
- Log in to post comments
- 3 views