মৰিগাঁৱৰ পৰা জিতুমণি নাথ
মৰিগাঁও জিলা মীন উন্নয়ন বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত মহিলা সবলীকৰণৰ বাবে অলংকৃত মাছ আৰু একোৰিয়াম প্ৰতিপালনৰ ওপৰত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে সজাগতা সভা আৰু প্ৰশিক্ষণ কাৰ্যসূচী। মৰিগাঁও নগৰৰ কলা বিথিকাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উক্ত সজাগতা সভা আৰু প্ৰশিক্ষণ কাৰ্যসূচী উদ্ধোধন কৰি মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই কয়, ইয়াৰ জৰিয়তে যুৱক-যুৱতীসকলৰ স্বাৱলম্বিতাৰ ক্ষেত্ৰত পথ মুকলি হ’ব। ইফালে মৰিগাঁও সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক মীন উন্নয়ন বিভাগৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে মুখ্য অতিথিৰ ভাষণত মীন বিভাগৰ এই পদক্ষেপে জিলাখনৰ যুৱক-যুৱতীসকলৰ লগতে মৎস্য পালকসকল উপকৃত হ’ব বুলি আশা প্রকাশ কৰে। ফিচ ফিডৰ পৰিচালক সঞ্চালক ধ্ৰুৱজ্যোতি শৰ্মাই আঁত ধৰা সজাগতা সভাখনত অসম চৰকাৰৰ প্ৰাক্তন মুখ্যসচিব টি ৱাই দাস, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, তিৱা স্বায়ত্ত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ ৰাডু কাকতি, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰতাপ হাজৰিকা, প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা, একোৰিয়ামৰ সমল ব্যক্তি পাৰ্থৰতি হাজৰিকা, ৰাজ্যিক মীন সমন্বয়ক সঞ্জয় শৰ্মা, জিলা মীন উন্নয়ন বিষয়া প্ৰশান্ত কুমাৰ নাথ, মীন বিষয়া নুৰুল আমিন আনচাৰীকে প্ৰমুখ্যে মীন বিভাগৰ বিষয়া কৰ্মচাৰী, কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে l
- Log in to post comments
- 3 views