হাজোত মাতৃক হত্যা কৰিলে কুলাংগাৰ পুত্ৰই

killer

হাজোৰ পৰা কমলা কান্ত দাস


হাজোৰ বিলপাৰত  মাতৃক হত্যা কৰিলে পাষাণ পুত্ৰই। হাজোৰ বিলপাৰ গাঁৱৰ সমীৰুণ খাতুনৰ পুত্ৰ সমীৰ আলীয়ে মাতৃক  হত্যা কৰা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।দীৰ্ঘদিন ধৰি মাটি-বাৰীক কেন্দ্ৰ কৰি  পৰিয়ালটোৰ ভিতৰত চলি আছিল তীব্ৰ বাকবিতণ্ডা।অৱশেষত যোৱা নিশা এই কাজিয়াই  চূড়ান্ত ৰূপ পায়।পুত্ৰৰ প্ৰহাৰত থিতাতে প্ৰাণ যায় মাতৃ সমীৰুণৰ।


ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।ইফালে,হত্যাকাৰী সমীৰে হাজো আৰক্ষী থানাত নিশাই আত্মসমৰ্পণ কৰে।

Your Comments