নৰেন শৰ্মা,বাহাৰঘাট:
নামনি অসমৰ ঐতিহ্য মণ্ডিত ধৰ্মীয় স্থান নলবাৰী মালিকুছিৰ শ্যামৰাই সত্ৰত সদ্য ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা চৈধ্য গৰাকী ছাত্ৰ ছাত্ৰীক আজি বিশেষভাবে সম্বৰ্ধনা জনোৱা হয়। সত্ৰ প্ৰাংগণত আজি দিনত অনুষ্ঠিত সভাখনত বৃহত্তৰ মালিকুছি অঞ্চলৰ উক্ত ছাত্ৰ ছাত্ৰী কেইজনক সম্বৰ্ধনা জনোৱা হয়। শিক্ষক তথা সমাজকৰ্মী শংকৰ চক্ৰৱৰ্তীয়ে আঁত ধৰা সভাখনত সম্বৰ্ধিত ছাত্ৰ ছাত্ৰী সকল হ'ল উপাসনা শৰ্মা, ৰশ্মি ৰেখা দেৱী, নিশিতা চৌধুৰী, দিব্যজ্যোতি তালুকদাৰ, সীমাশ্ৰী ডেকা, লিজা দেৱী, পিনাক্ষী বৰুৱা, জ্যোতিৰ্মই ডেকা, নীলাভ তালুকদাৰ, নৱনিতা তালুকদাৰ, বিকাশ তালুকদাৰ, আৰু ভাৰ্গব জ্যোতি বৰুৱা। আনহাতে স্নাতকোত্তৰ পৰীক্ষাত অংক আৰু সংস্কৃতত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান পোৱা ক্ৰমে ভাস্কৰ জ্যোতি ডেকা আৰু কৃষ্ণাংগী ভট্টাচাৰ্যকয়ো আজিৰ সভাতে সম্বৰ্ধনা জনোৱা হয়। এম এন চি স্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক নগেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভা খনত অঞ্চলটোৰ বয়োজ্যেষ্ঠ সমাজ কৰ্মী মহানন্দ তালুকদাৰ, ভূপেন শৰ্মা, বিনোদ শৰ্মা, শৰৎ চন্দ্ৰ দাস, কৰুণাময় ভট্টাচাৰ্য, সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ভুৱনেশ্বৰ শৰ্মা সম্পাদক গিৰিন্দ্ৰ শৰ্মা আৰু গাঁওবুঢ়া মহেন্দ্ৰ ৰাজবংশীও উপস্থিত থাকে।
- Log in to post comments
- 11 views