মালাধৰাত ৰাভা ছাত্ৰ সন্থাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা 

rava

আগিয়াৰ পৰা উৎপল ৰাভাৰ প্রতিবেদন :

গোৱালপাৰা জিলাৰ মালাধৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্হাৰ কাৰ্যালয় প্ৰাঙ্গনত দেঁওবাৰে মালাধৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্হা , ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ সৌজন্যত  ২০১৯ বৰ্ষৰ  হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা  কৃৰ্তি ছাত্ৰ - ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয় ।

rava3মালাধৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্হাৰ সভাপতি জানাৰ্দন ৰাভাৰ সভাপতিত্বত ছাত্ৰ নেতা ইদেন ৰাভাই আঁত ধৰা  সম্বৰ্ধনা  সভাখনত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্যা  জুতিকা ৰাভা ,  বায়দা মহাবিদ্যালয়ৰ  অধ্যক্ষ  শান্তাৰাম ৰাভা , নিখিল ৰাভা ছাত্ৰ সন্হাৰ আলোচনী সম্পাদক জয়চন্দ্ৰ ৰাভা , ভাৰতীয় জনতা পাৰ্টিৰ  গোৱালপাৰা জিলাৰ সংখ্যালঘু মৰ্চাৰ সভাপতি নুৰজামাল  শিকদাৰ আদিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে  কৃৰ্তি ছাত্ৰ - ছাত্ৰী সকলক উদ্দেশ্যি উদগনি মুলক  ভাষণ  আগবঢ়ায় ! অনুষ্ঠানত হাইস্কুল আৰু  উচ্চতৰ  মাধ্যমিকৰ  মুঠ  ন' গৰাকী কৃতি  ছাত্ৰ - ছাত্ৰীৰ  লগতে  তেওঁলোকৰ  অভিভাৱক সকলকো   অভিনন্দন  জনোৱা হয় ।

Your Comments