লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ উদালী আৰক্ষী চকীৰ অন্তৰ্গত দক্ষিণ উদালীত একেটা পৰিয়ালৰ মাজত ভূমি বিবাদক কেন্দ্ৰ কৰি প্ৰচণ্ড সংঘৰ্ষ ঘটে। হাতে হাতে দা, ডেগাৰ, কুঠাৰ লৈ দুয়োপক্ষৰ মাজত আক্ৰমণ-প্ৰতিআক্ৰমণ চলে। উভয় পক্ষৰ ৮ জন গুৰুতৰভাৱে আহত হয়। উক্ত ঘটনা সন্দৰ্ভত জানিব পৰা মতে, দেওবাৰে পুৱাই দুই পক্ষৰ লোকে পথাৰত কাম কৰিৱলৈ গৈছিল। পথাৰত ভূই ৰুই থকা অৱস্হাত, পানী এৰি দিয়া নিদিয়াক লৈ দুই পক্ষৰ মাজত প্ৰথমে তৰ্ক-বিতৰ্ক আৰু শেষত চুড়ান্ত ৰূপ লৈ প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়।
সংঘৰ্ষত এক পক্ষৰ আহত ক্ৰমে মইনুল হক, মাহমুদা বেগম, চামচুল আলম, জিয়াবুৰ আলম, মাচুমা খাতুন। আৰু আনটো পক্ষত আহত ক্ৰমে ৰত্না বেগম, চুহেল উদ্দিন, মেহবুব আহমেদ। আহত আটাইকেইজনক প্ৰথমে লংকা চিকিৎসালয়ত লৈ অহা হয় যদিও আঘাত গুৰুতৰ হোৱাত সংকটজনক অৱস্থাত গোটেইকেইজনকে হোজাইলৈ প্ৰেৰণ কৰা হয় ।
- Log in to post comments
- 30 views