জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা
শনিবাৰে নিশা বিশ্বনাথ বন সংমণ্ডলৰ ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত যোৱা এটা দল আৰু বৰগাং আৰক্ষীৰ যুটীয়া অভিযানত পাচঁজন গঁড় চিকাৰীক আটক কৰিবলৈ সক্ষম হয়৷ এক গোপন সূত্ৰৰ পম খেদি দুজন গঁড় চিকাৰী আৰফান আলী (ৰেহান), ৰামকিবাই (জন)ক বিশ্বনাথ চাৰিআলিৰ পৰা বিহালীলৈ বাছেৰে যোৱাৰ সময়ত বৰগাংৰ ভিতৰুৱা এলেকাত আটক কৰে৷ এই ধৃত চিকাৰী দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত মিণ্টু হাজৰিকা, টুটুমণি শইকীয়া আৰু পোণাৰাম দাস নামৰ আন তিনিজন চিকাৰীক আটক কৰিবলৈ সক্ষম হয় যদিও তেওঁলোকৰ হাতত কোনো ধৰণৰ আপত্তিজনক বস্তু পোৱা নাই ৷
মোবাইল ফোনসমূহ জব্দ কৰা হৈছে বন সংমণ্ডলৰ কাৰ্যালয়ত অধিক সোধপোছৰ বাবে ধৃত চিকাৰী কেইজনক ৰখা হৈছে । ইয়াৰ লগত জড়িত বাকী লোককো আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে৷ আৰফান আলী ইয়াৰ আগতে দুবাৰকৈ গঁড় হত্যাৰ অভিযোগত অভিযুক্ত আছিল৷
- Log in to post comments
- 7 views