ছয়গাঁৱৰ পৰা নীহাৰিকা তালুকদাৰ
গছ আমাৰ পৰম বন্ধু। গছ থাকিলেহে মানুহ থাকিব-আপ্তবাক্যশাৰী সাৰোগত কৰি কামৰূপ জিলাৰ ছয়গাঁৱত দেৱজিত কলিতা নামৰ উদ্যমী এজন যুৱকে বন মহোৎসৱ উপলক্ষে সম্পূৰ্ণ একক প্ৰচেষ্টাৰে দুই শতাধিক গছপুলি ৰোপণেৰে বৃক্ষৰোপণ কাৰ্যসূচীৰ আজি শুভাৰম্ভণি কৰে। প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত সময়ে সময়ে বিভিন্ন ধৰণে সজাগতা সৃষ্টি কৰি অহা যুৱকজনে এই বৰ্ষত পাঁচহাজাৰ গছপুলি ৰোপণ কৰাৰ পৰিকল্পনা কৰিছে।প্ৰাকৃতিক ভাৰসাম্যৰ প্ৰতি লক্ষ্য ৰাখি এই পৰিকল্পনা হাতত লোৱা বুলিও আৰু প্ৰতিজন মানুহকেই প্ৰকৃতিৰ প্ৰতি আকৰ্ষিত তথা সজাগ হ’বলৈ তেওঁ আহ্বান জনায়। প্ৰকৃতিপ্ৰেমী যুৱক জনে লগতে কয়, মানুহ যিমানেই শিক্ষিত হৈছে বন ধ্বংসৰ দৰে অমানৱীয় কামবোৰ সমানেই বৃদ্ধি পাবলৈ ধৰিছে।মূল্যবান গছ গছনিৰ উপৰি জীৱ-জন্তু, চৰাই-চিৰিকটিৰ বাবেও আম, জাম, কঁঠাল আদিকে ধৰি বিভিন্ন গছপুলি ৰোপণ কৰাৰ লগতে সংৰক্ষণৰো ব্যৱস্থা কৰা হৈছে বুলি জানিব দিয়ে প্ৰকৃতিপ্ৰেমৰ সুন্দৰ নিদৰ্শন দাঙি ধৰা যুৱকজনে।
- Log in to post comments
- 14 views