নিউজ ডেস্ক:
কৰ্ণাটকত পতন হ'ব পাৰে জেডিএছ-কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰৰ।শেহতীয়াকৈ জেডিএছ-কংগ্ৰেছৰ ১০ গৰাকী বিধায়কে পদত্যাগ কৰি মুম্বাইৰ এখন হোটেলত আশ্ৰয় গ্ৰহণ পৰিছেগৈ।কংগ্ৰেছৰ মুঠ ১৩ গৰাকী বিধায়কে এতিয়ালৈকে পদত্যাগ কৰিছে।এই হিচাপত এতিয়া মিত্ৰজোঁটৰ চৰকাৰখনে সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে।
১৭ জুলাইত মিত্ৰজোঁটৰ চৰকাৰখনক বিধানসভাত সংখ্যা গৰিষ্ঠ তা প্ৰমাণ কৰিবলৈ নিৰ্দেশ দিব পাৰে ৰাজ্যপাল বজুভাই বালাই।সেই দিনটোতে জেডিএছ-কংগ্ৰেছ চৰকাৰৰ পতন হ'ব পাৰে।চৰকাৰখনৰ পতন হ'লে বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িব।
- Log in to post comments
- 28 views