গোৱালপাৰাত ভাৰতীয় জনতা পাৰ্টিৰ সদস্য ভৰ্ত্তি অভিযানৰ শুভাৰম্ভণি

utpal

আগিয়াৰ পৰা উৎপল ৰাভাৰ প্রতিবেদন :

গোৱালপাৰা জিলাৰ কল্যানপুৰ গাঁও পঞ্চায়তৰ সমূহীয়া ভৱন প্ৰাঙ্গনত শনিবাৰে আবেলি তিনি বজাত ভাৰতীয় জনতা পাৰ্টিৰ সদস্য ভৰ্ত্তি অভিযান কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । ভাৰতীয় জনতা পাৰ্টিৰ বালিজানা মণ্ডল সমিতিৰ সভাপতি কৃষ্ণ মোহন ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত সদস্য ভৰ্ত্তি অভিযান কাৰ্যসূচীত গোৱালপাৰা জিলা বি জে পিৰ  সভাপতি ভৃগুৰঞ্জন ৰাভা আৰু উপ সভাপতি  পুৰন্দৰ ৰাভাই বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জন সাধাৰণৰ  বাবে গ্ৰহন কৰা বিভিন্ন  উন্নয়নমূলক  আঁচনি সম্পৰ্কে বক্তব্য দাঙি ধৰি ভাৰতীয় জনতা পাৰ্টিৰ সদস্য ভৰ্ত্তি হ'বলৈ আগবাঢ়ি  অহা লোক সকলক স্বাগতম জনায় ।

Your Comments