বঙাইগাঁওঃ ৬ জুলাইঃ
ভাৰতীয় জনতা পাৰ্টিৰ পুৰোধা ব্যক্তি ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আজি গোটেই দেশজুৰি আৰম্ভ হোৱা সদস্যতা অভিযানৰ বঙাইগাঁও জিলাৰ তিনিওটা বিধান সভা সমষ্টিটো শুভাৰম্ভ কৰা হয় ৷ এই উপলক্ষে জিলাখনৰ তিনিওটা বিধান সভা সমষ্টিতে অনুষ্ঠিত শুভাৰম্ভণিতে সভাত সদস্যতা অভিযানৰ শুভাৰম্ভ কৰা হয় ৷ বঙাইগাঁও জিলা পুথি ভঁৰাল প্ৰেক্ষাগৃত অনুষ্ঠিত বঙাইগাঁও বিধান সভা সমষ্টিৰ শুভাৰম্ভ সভাত জিলা বিজেপিৰ সভাপতি সুকেন ৰায়ৰ লগতে বঙাইগাঁও নগৰ মণ্ডলৰ সভাপতি প্ৰদীপ ঘোষ, ডাংতল মণ্ডলৰ সভাপতি ভুৱন দাস আৰু প্ৰায় তিনি শতাধিক দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে ৷ সভাৰ পূৰ্বে ৰাজ্যিক পৰ্যৱেশক হিচাপে সভাত উপস্থিত থকা ৰাজ্যিক বিজেপিৰ উপ সভাপতি বিমল ওচৱালে বঙাইগাঁও পৰিৱেশ উদ্যানত গছ পুলি ৰোপণেৰে সভাৰ শুভাৰম্ভ কৰে ৷
জিলা বিজেপিৰ সভাপতি সুকেন ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত পৰ্যৱেশ বিমল ওচৱালে দলৰ সাংগঠনিক দিশৰ লগতে সদস্যতা অভিযান সম্পৰ্কত বক্তব্য ৰাখে ৷ ইপিনে মাণিকপুৰ বজাৰ গৃহত অনুষ্ঠিত হয় উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ সদস্যতা অভিযানৰ শুভাৰম্ভণি সভা ৷ ৰাজ্যিক বিজেপিৰ অন্যতম মুখপাত্ৰ তথা অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন নিগমৰ অধ্যক্ষ মমিনুল আৱাল পৰ্যৱেশক হিচাপে উপস্থিত থাকি বক্তব্য ৰখা সভাখনত সভাপতিত্ব কৰে জিলা বিজেপিৰ উপ সভাপতি লুভাছ বৰ্মণে ৷ সভাত জিলা বিজেপিৰ উপ সভাপতি মিলন দাস, সাধাৰণ সম্পাদক উজ্বল কান্তি ৰায়, সম্পাদকদ্বয় জৈলেন ৰায়, জ্যোতিৰ্ময় সৰকাৰ, মাণিকপুৰ মণ্ডল বিজেপিৰ সভাপতি ভাস্কৰ ৰায়, সৃজনগ্ৰাম মণ্ডল বিজেপিৰ সভাপতি ৰাম চন্দ্ৰ আৰ্য্য উপস্থিত থাকে ৷
পাঁচ শতাধিক দলীয় কাৰ্যকৰ্তা উপস্থিত থকা সভাত প্ৰায় ৩৫০ জন কংগ্ৰেছ, ইউডিএফ আৰু অন্যান্য দলৰ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে ৷ আনহাতে অভয়াপুৰীৰ জ্যোতি সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিৰ সদস্যতা অভিযানৰ শুভাৰম্ভণি সভাখনত সভাপতিত্ব কৰে জিলা বিজেপি প্ৰমুখ কৌস্তভ কুমাৰ দাসে ৷ সভাত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা অসম বিপণন পৰিষদৰ উপাধ্যক্ষ মনোজ বৰুৱাই উপস্থিত থাকি বক্তব্য ৰাখে ৷ বিজেপিৰ অভয়াপুৰী মণ্ডলৰ সভাপতি ৰবেন ডেকা, টাপাট্টাৰী মণ্ডলৰ সভাপতি জিতু বণিক্য, সৰযু দেৱী, ৰমেন বণিক্য আদি উপস্থিত থকা সভাত প্ৰায় সাত শতাধিক দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে ৷ উল্লেখ্য যে এই সভাতে বিভিন্ন দলৰ পৰা প্ৰায় তিনিশ গৰাকী সদস্যই বিজেপি দলত যোগদান কৰে বুলি জিলা বিজেপিৰ সাধাৰণ সম্পাদক উজ্বল কান্তি ৰায়ে এক প্ৰেছ বিবৃতিতযোগে জানিবলৈ দিছে ৷
- Log in to post comments
- 7 views