বঙাইগাঁওঃ ৬ জুলাইঃ
দোশজুৰি অনুষ্ঠিত হৈ থকা ৭০ সংখ্যক বন মহোৎসৱৰ লগত সংগতি ৰাখি আজি উত্তৰ পূৱ সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নৰ নিউ বঙাইগাঁও বিজি শাখাই জিলা প্ৰশাসন আৰু বন বিভাগৰ সহযোগত নিউ বঙাইগাঁও ৰেলৱে ইনষ্টিটিউটত এক গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী ৰূপায়িত কৰে ৷ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে গছপুলি ৰোপণ আৰু স্কুলীয়া ছাত্ৰছাত্ৰীৰ মাজত গছপুলি বিতৰণ কৰাৰ লগতে সেউজী ধৰণীৰ উপকাৰিতাৰ ওপৰত আলোকপাত কৰে ৷ লগতে ছাত্ৰ-ছাত্ৰী আৰু নৱ প্ৰজন্মক গছ পুলি ৰোপণ , ইয়াৰ প্ৰতিপালন আৰু সংৰক্ষণৰ প্ৰতি আগুৱাই আহি নিজকে একোজন দায়িত্বশীল নাগৰিক হিচাপে পৰিচয় দিবলৈ আহ্বান জনায় ৷ অনুষ্ঠানত সামাজিক বনানীকৰণ বিভাগৰ জিলা বন বিষয়া জে কে দাসেও গছপুলি ৰোপণ আৰু প্ৰতিপালন কৰাৰ বাবে সকলোকে আহ্বান জনায় ৷
অনুষ্ঠানত নিউ বঙাইগাঁও ৰেলৱে চিকিৎসালয়ৰ অধ্যক্ষ তথা সহ মুখ্য চিকিৎসা বিষয়া ডাঃ অজয় ৰায় , মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় উপসভাপতি ফণীধৰ দাস , ইউনিয়নৰ নিউ বঙাইগাঁও বিজি শাখাৰ সম্পাদক মৃণাল শীল , উপ সভাপতি প্ৰদীপ মজুমদাৰ , সহ সম্পাদক দিগন্ত ৰায় প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ অনুষ্ঠানটি সঞ্চালনা কৰে মজদুৰ ইউনিয়নৰ ৰানিং শাখাৰ সভাপতি দেৱৰাজ দাসে ৷ গছ পুলি ৰোপণ কাৰ্যসূচীত ৮০ ডাল গছ পুলি ৰোপণ কৰাৰ লগতে ডেৰ শতাধিক গছ পুলি বিতৰণ কৰা হয় ৷
- Log in to post comments
- 12 views