ইউনেস্ক’ৰ চিত্ৰ প্ৰদৰ্শনীত নগাঁৱৰ আকাংক্ষাৰ ছবি

ইউনেস্ক’ৰ চিত্ৰ প্ৰদৰ্শনীত নগাঁৱৰ আকাংক্ষাৰ ছবি

কাজাখাস্তানৰ আলমাটিত ইউনেস্ক’ই আয়োজন কৰা আন্তজাৰ্তিক চিত্ৰকলা মহোৎসৱত ভাৰতৰ পৰা নিৰ্বাচিত হৈছে নগাঁৱৰ এগৰাকী কিশোৰীয়ে অঁকা ছবি ৷

ইউনেস্ক’ৰ চিত্ৰ প্ৰদৰ্শনীত নগাঁৱৰ আকাংক্ষাৰ ছবি

কিশোৰীগৰাকী হৈছে নগাঁও চহৰৰ ছয়আলিৰ ৰত্নপুৰৰ দীপু শইকীয়া আৰু বাৰ্বী শইকীয়াৰ কন্যা আকাংক্ষা কাশ্যপ ৷ ইউনেস্ক’ৰ ‘আস্থানা- দ্য চিটী অব্‌ পীচ’ শীৰ্ষক বিষয়টিৰ ওপৰত আয়োজিত চিত্ৰ প্ৰদৰ্শনীত নতুন দিল্লীৰ 'ইউনেস্ক’ ক্লাব এণ্ড এছ’চিয়েচন অব্‌ ইণ্ডিয়া'ই ভাৰতৰ ২০ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা অসমৰ আকাংক্ষা কাশ্যপে অঁকা চিত্ৰ প্ৰদৰ্শনীৰ বাবে বাছনি কৰে ৷

কাজাখাস্তানৰ নেচনেল ফাউণ্ডেচন অব্‌ ইউনেস্ক’ৰ পৰা মানপত্ৰ লাভ কৰাৰ পিছতে শিল্পীগৰাকীক নগাঁৱৰ ভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰে ৷ গৌৰৱ কঢ়িয়াই অনা ১২ বছৰীয়া আকাংক্ষা কাশ্যপ নগাঁৱৰে জ্যোতি চিত্ৰাংকন বিদ্যালয়ৰ ছাত্ৰী ৷
 

Your Comments