তেতিয়া তেওঁলোক গভীৰ নিদ্ৰাত আছিল।সেই নিদ্ৰাতে তেওঁলোকক সাৱটি ল'লে মৃত্যুয়ে।ঘটনাটো মহাৰাষ্ট্ৰৰ পুণেৰ।বৰ্তমান মহাৰাষ্ট্ৰত মৌচুমীৰ প্ৰৱল বৃষ্টিপাত।তেনে বৃষ্টিপাতৰ সময়তে পুণেৰ ক'ন্ধৱাৰ এটা ছ'চাইটিৰ ভৱনৰ কাষৰ এখন বিশ ফুট উচ্চতাৰ দেৱাল বাগৰি পৰে এটা নিৰ্মাণস্থলত কাম কৰা শ্ৰমিকৰ জুপুৰীসমূহৰ ওপৰত।
যোৱা নিশা ১-৪৫ বজাত ঘটা উক্ত দুৰ্ঘটনাত নিদ্ৰামগ্ন অৱস্থাত ১৫ জন শ্ৰমিকৰ মৃত্যু হয়।শ্ৰমিকসকলৰ অধিকাংশ বিহাৰৰ কাটিহাৰৰ আছিল।
- Log in to post comments
- 4 views