মৰিগাঁৱৰ পৰা প্ৰতিনিধি :
প্ৰধানমন্ত্রী 'হৰ ঘৰ যোজনা'ৰ অধীনত অসম চৰকাৰে 'সৌভাগ্য' নামৰ এখন আচঁনি আৰম্ভ কৰিছিল । অসম চৰকাৰৰ সৌভাগ্য আচঁনিৰ মূল লক্ষ্য আছিল ২০১৯চনৰ ভিতৰত অসমৰ সকলো গাৱঁতে,সকলো ঘৰতে বিদ্যুৎ সংযোগ দিয়া। এই সৌভাগ্য আচঁনিৰ অধীনত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালবিলাকে বিনামূলীয়াকৈ আৰু সাধাৰণ শ্ৰেনীৰ পৰিয়ালসমূহে মাত্ৰ ৫০০ টকা দিয়ে সংযোগ ল'ব পাৰে।যদি কোনো সাধাৰণ শ্ৰেনীৰ পৰিয়ালে এবাৰতে ৫০০ টকা দি সংযোগ ল'ব নোৱাৰে,তেন্তে কিস্তিত পৰিশোধ কৰিলেও হ'ব। ইয়াকো কোৱা হৈছে যে যদি কোনো ব্যাক্তিয়ে ২০১৯ চনৰ মাৰ্চ মাহৰ ভিতৰত এই আচঁনিৰ অধীনত বিদ্যুৎ সংযোগ ল'ব নোৱাৰে ,তেন্তে চৰকাৰে দিয়া হিতাধীকাৰীৰ বাবে এটি ট'লফ্ৰী নম্বৰত এটি কল কৰিলেই সংযোগ নিশ্চিত হ'ব পাৰিব।এনে এটা জন কল্যাণমূলক আচঁনি লাহৰীঘাট বিদ্যুৎ উপ সংমন্ডলৰ বিষয়া -কৰ্মচাৰীৰ কাৰনে সম্পৰ্ণ বিপৰীতহে হ'ল।
জানিব পৰা মতে লাহৰীঘাট বিদ্যুৎ উপসংমন্ডলৰ অধীনত মৈৰাবাৰীৰ লোচনাবড়ী গাঁৱত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগৰ পৰা বৰ্তমানলৈকে বিদ্যুতৰ মুখ দেখা নাই।গাৱঁৰ পশ্চম চুবৰীত একে গাৱঁৰে নাজিম উদ্দিন নামৰ দালাল এজনে বিদ্যুৎ বিভাগৰ বিষয়াৰ লগত লগলাগি চলিত বৰ্ষতেই ৫ মাহ পূৰ্বে ৩০ টা পৰিয়ালৰ পৰা ১০০০.০০-১৫০০.০০ টকালৈকে লৈ অসম চৰকাৰৰ সৌভাগ্য আচঁনিৰ অধীনত এটাকৈ মিটাৰ দিছে।উল্লেখ্য যে টকা লৈ মিটাৰ দিয়াৰ পিছত ৫ মাহ পাৰহৈ গ'ল কিন্ত এতিয়ালৈকে বিদ্যুৎ সংযোগ দিয়া নাই ।কিন্তু হিতাধিকাৰীৰসকলৰ বিদ্যুৎ মাছুলৰ বিল আহি আছে।
স্নৰ্তব্য যে সৌভাগ্য আচঁনিৰ অধীনত কেইদিনমান আগতে বিদ্যুৎ সংযোগৰ খুটি ঠিকাদাৰে আনি লোচনাবড়ী গাৱঁত পেলাইছিল। গাৱঁৰ মানুহে উৎকোচ হিচাপে ৩০ হাজাৰ টকা আদায় নিদিয়াৰ বাবে খুটি বিলাক ঠিকাদাৰে বেলেগ স্থানলৈ উঠাই লৈ যায়।এয়া হৈছে অসম চৰকাৰৰ বিদ্যুৎ বিভাগ।পিছত গাঁও খনত ভোগভুগী ৰাইজে বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্লগানাৰে প্ৰতিবাদ সাব্যস্ত কৰে।
- Log in to post comments
- 10 views