বঙাইগাঁওঃ
বঙাইগাঁও চহৰত সঘনাই সংঘটিত হৈ অহা ধন লুটৰ ঘটনাৰ মাজতে আজি আৰক্ষীয়ে এনে ঘটনাৰ লগত জড়িত ইৰাণী গ্ৰুপৰ দুজন সদস্যক আটক কৰে ৷ আৰক্ষীয়ে বঙাইগাঁও চহৰৰ মাজমজিয়াৰ পৰা খেদি খেদি আটক কৰা ইৰাণী গ্ৰুপৰ সদস্য দুজন পশ্চিম বংগৰ জলপাইগুৰী জিলাৰ ফাটা পুকুৰ গাঁৱৰ মনজিৎ গোৱালা (৩০) আৰু বীজেন্দ্ৰ গোৱালা ( ৩০) ৷ আৰক্ষীয়ে আটকাধীন সদস্য দুজনৰ পৰা এএছ-০১বি ৱাই-২৪৮৫ নম্বৰৰ পালচাৰ মটৰ চাইকেল এখনো জব্দ কৰে ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে দিনৰ প্ৰায় ১.৩০ বজাত বঙাইগাঁও চহৰৰ মায়াপুৰী তিনি আলিৰ পৰা সুভাষ ৰোডৰ আশে - পাশে এখন মটৰ চাইকেল লৈ দুজন যুৱকে ঘূৰা-ফিৰা কৰি থকা প্ৰত্যক্ষ কৰি বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ যুৱক দুজনৰ ওপৰত সন্দেহ ওপজে ৷
পিছত আৰক্ষী বিষয়াগৰাকীয়ে যুৱক দুজনক সোধ- পোছৰ বাবে ৰ'বলৈ কোৱাত যুৱক দুজনে মটৰ চাইকেললৈ সুভাষ ৰোডেৰে পলায়ণ কৰিবলৈ ধৰাৰ সময়তে আৰক্ষীয়েও নিজৰ বাহনেৰে পিছে পিছে খেদি যায় ৷ এনে অৱস্থাত আৰক্ষীয়ে নিউ মহাৰাজা হোটেলৰ ওচৰত মটৰ চাইকেলসহ এজনক আটক কৰিবলৈ সক্ষম হয় যদিও আন এজন যুৱকে পলায়ণ কৰে ৷ পিছত আৰক্ষী বিষয়াগৰাকীৰ লগত থকা কনিষ্টবল তাপস দাসে পলায়ণ কৰা যুৱকজনৰ পিছে পিছে খেদি গৈ ৰাইজৰ সহযোগত ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ ওচৰত কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ৰাইজে যুৱকজনক কিছু উত্তম মাধ্যমো শোধায় ৷
আৰক্ষীয়ে আটকাধীন দুয়োজন যুৱকক পিছত থানালৈ নি সোধ-পোছ কৰাত যুৱক দুজনে বিভিন্ন ধন লুটৰ ঘটনাত জড়িত থকাৰ কথা স্বীকাৰ কৰা বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি লাহনে সংবাদ মাধ্যমক জানিবলৈ দিছে ৷ আৰক্ষীয়ে আটকাধীন ইৰাণী গ্ৰুপৰ সদস্য দুজক অধিক জেৰা অব্যাহত ৰাখিছে ৷ ইপিনে আটকাধীন প্ৰৱঞ্চক দুজনে আৰক্ষীৰ আগত প্ৰকাশ কৰা নিজৰ নাম আৰু ঠিকনা ভুৱা বুলি আৰক্ষীয়ে সন্দেহ কৰি প্ৰকৃত তথ্য উদঘাটৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷
- Log in to post comments
- 7 views