হোজাইৰ পৰা মনোজ কুমাৰ পাঠকৰ প্রতিবেদন :
হোজাইত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে লাভ জেহাদৰ ঘটনা।।নিতৌ এটাৰ পিছত আন এটা লাভ জেহাদৰ ঘটনা পোহৰলৈ অহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ হোজাই জিলাতে।
জানিব পৰা মতে হোজাইৰ জাহিদ আলম নামৰ এজন যুৱকে নিজকে হিন্দু ধৰ্মৰ বুলি পৰিচয় দি শান্তিবনৰ এগৰাকী যুৱতীৰ লগত তিনি মাহ পূৰ্বে ফেচবুকৰ জৰিয়তে চিনাকি হৈছিল।।ইয়াৰ পিছত লাহে লাহে প্ৰেমৰ জালত পেলাই ললে যুৱতী গৰাকীক ।বনালে টিক-টক ভিডিঅ ।এই গৰাকী যুৱতীৰ উপৰি আন এগৰাকী যুৱতীৰ লগত একেলগে বনোৱা টিক-টক ভিডিঅ ভাইৰেল কৰিলে চচিয়েল মিডিয়াত। বৃহস্পতি সন্ধিয়া যুৱতীগৰাকীক লগ কৰিব আহোতেই স্থানীয় একাংশ যুৱকে সন্দেহবসত যুৱক যুৱতী হালক আটক কৰি জেৰা চলোৱাত ওলাই পৰে যুৱকগৰাকীৰ প্ৰকৃত পৰিচয়।।ভুৱা পৰিচয়ৰে যুৱতী গৰাকীক প্ৰেমৰ জালত পেলোৱা এই জন যুৱকক অৱশেষত ৰাইজে গতাই দিয়ে আৰক্ষীক।।ইপিনে যুৱতী গৰাকীয়ে যুৱকজনৰ বিৰুদ্ধে এক গোচৰ ৰুজু যুৱকজনক জেললৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।
- Log in to post comments
- 42 views