শিৱসাগৰত হামৰাহী গ্ৰুপৰ বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন

ss

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই


শিৱসাগৰৰ অন্যতম সামাজিক অনুষ্ঠান তথা 'ৱাটচআপ' গ্ৰুপ 'হামৰাহী'ৰ উদ্যোগত দেওবাৰে এটা বিনামূলীয়া চিকিৎসা শিবিৰ অনু্ষ্ঠিত কৰা হয় । শিৱসাগৰৰ বিশিষ্ট ব্যৱসায়ী অশোক বকলীৱালৰ পূৰ্ণ সহযোগিতাত এই চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছিল।হামৰাহীৰ প্ৰচাৰ সচিব উমেশ বালদোৱাই জনোৱা মতে, শিৱসাগৰৰ ষ্ট্যেচন চাৰিআলিৰ এ টি ৰোডস্থিত বি অ' চি  পেট্ৰল পাম্পত পুৱা ৯ বজাৰ পৰা দুপৰীয়া ২ বজালৈ অনুষ্ঠিত এই বিনামূলীয়া চিকিৎসা শিবিৰত প্ৰায় ৫৫০ গৰাকী ৰোগীয়ে নিজৰ স্বাস্থ্য পৰীক্ষা কৰে।এই চিকিৎসা শিবিৰত ৰাইজে বিনামূলীয়াকৈ ৰক্তচাপ,ৰক্ত গ্ৰুপ,মধুমেহ,  কলেষ্ট্ৰল, দন্ত, চকু পৰীক্ষা কৰাৰ লগতে ৰক্তদানৰ শিবিৰৰো আয়োজন কৰা হয়। ৰক্তদান শিবিৰত প্ৰায় ৫০ গৰাকী ব্যক্তিয়ে ৰক্ত দান কৰে। সময়ৰ অভাৱৰ বাবে চিকিৎসা শিবিৰত ২১ গৰাকী ব্যক্তিয়ে ৰক্তদান কৰে আৰু বাকীসকলে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৰক্ত দান কৰিব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। 

হামৰাহী গ্ৰুপৰ এই চিকিৎসা শিবিৰটো সামাজিক তথা ব্যৱসায়িক প্ৰতিষ্ঠান নিমচন্দ মানিকচন্দৰ স্বত্বাধীকাৰী অশোক বকলীৱালে তেওঁৰ প্ৰয়াত পত্নী সুমন দেৱী বকলীৱালৰ সোঁৱৰণত হামৰাহীৰ সহযোগত আয়োজন কৰিছিল।স্বাস্থ্য শিবিৰটোৰ সঞ্চালনা কৰিছিল হামৰাহীৰ স্বাস্থ্য বিভাগৰ সদস্য ঋষিনন্দন দে, বিশাল ডামানী,যুগল কিশোৰ ৰাঠী আৰু  অশোক মানপানীয়ে।

শিবিৰত চিকিৎসক ডাঃ অংকুশ কেডিয়া, ডাঃ মনালিচা দাস, ডাঃ নীলমজ্যোতি গগৈ, ডাঃ অভিশেষ খান্দেলিয়া, ডাঃ অৰিজিত বগচী, ডাঃ নিৰজ ভৰদ্বাজ, ডাঃ বিমান গগৈয়ে ৰোগীসকলক পৰীক্ষা কৰে। শিবিৰত চিকিৎসকসকলক সহযোগ কৰে দেৱজিৎ আৰন্ধৰা, ডিম্পল মোহন, ৰাজা কোঁৱৰ, সমৰজিত চেতিয়াই। 

rr

আনহাতে,হামৰাহীৰ চিকিৎসা শিবিৰত উপস্থিত হৈ সহযোগ কৰে 'আছু'ৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, শিৱসাগৰ প্ৰেছ ক্লাবৰ সম্পাদক ইনামূল হাজৰিকা, সমাজকৰ্মী সুভাষ আগৰৱালা, শংকৰলাল আগৰৱালা আৰু ভৱেন্দ্ৰ নাথ মহনে।

Your Comments