'বৰঅসম সামাজিক-সাংস্কৃতিক মঞ্চ'ৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা সম্পন্ন

asom

'বৰঅসম সামাজিক- সাংস্কৃতিক মঞ্চ'ৰ কামৰূপ মহানগৰ জিলা সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা যোৱা ১৬ জুনত দিছপুৰ লাষ্টগেটস্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত  কৰা হয়৷সভাত সভাপতিত্ব কৰে কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি দেৱেশ্বৰ কলিতাই ৷সভাত মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি নিৰ্মালি মেধি, মুখ্য সমন্বয়ক  শিখা বেজবৰুৱা গোস্বামী,মুখ্য সাংগঠনিক সম্পাদক মৌচুম বুঢ়াগোহাঁই,সাংস্কৃতিক উপদেষ্টা আজিমুদ্দিন আহমেদ উপস্থিত থাকে ৷

সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে কামৰূপ মহানগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক দিপালী শইকীয়াই ৷সভাত নৱগঠিত সমিতিৰ  ৩৫ গৰাকী বিষয়ববীয়াৰ চিনাকিপৰ্ব অনুষ্ঠিত কৰাৰ লগতে বিভাগ বিতৰণ কৰা হয় ৷সমিতিৰ আন্তঃগাঁথনিৰ দিশটোৰ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰাৰ লগতে কৰ্ণধাৰ সমিতি গঠন কৰা হয়৷ 

সভাত কামৰূপ জিলা সমিতিৰ বলিষ্ঠ উপদেষ্টা সমিতিক বিশেষ গুৰুত্ব প্ৰদান কৰি তেওঁলোকৰ বহুমূলীয়া উপদেশসমূহ লৈ কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷

সভাত 'বৰঅসম সামাজিক সাংস্কৃতিক মঞ্চ'ক উদ্দেশ্য কৰি মঞ্চৰ মুখ্য উপদেষ্টা তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়াই প্ৰেৰণ কৰা আন্তৰিক সহযোগিতাপত্ৰ আৰু মঞ্চৰ প্ৰধান সম্পাদকে কামৰূপ মহানগৰ জিলাৰ প্ৰথম কাৰ্যনিৰ্বাহ উপলক্ষে পঠিওৱা শুভেচ্ছাবাৰ্তা  পাঠ কৰে সাধাৰণ সম্পাদক দিপালী শইকীয়াই ৷

সভাত বিশিষ্ট সাহিত্যিক ভৱানী প্ৰসাদ অধিকাৰীয়ে  আৰ্থসামাজিক দিশটোৰ ওপৰত গুৰুত্ব দিয়াৰ  বাবেই আন অনুষ্ঠানৰ পৰা বৰঅসম সামাজিক সাংস্কৃতিক মঞ্চ সম্পূৰ্ণৰূপে পৃথক বুলি উল্লেখ কৰে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তথা বিশিষ্ট সমাজকৰ্মী,মহানগৰ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য উমাকান্ত বৰাই মূল্যৱান বক্তব্য আগবঢ়ায়।যুৱপ্ৰজন্মৰ মনোযোগ আকৰ্ষণ কৰিব পৰাটো আৰু অগ্ৰাধিকাৰ দিয়াটো বৰ অসমৰ বাবে এক যোগাত্মক দিশ বুলি তেওঁ উল্লেখ কৰে।

সভাপতিৰ ভাষণত দেৱেশ্বৰ কলিতাই সময়ৰ মূল্য বুজি কৰ্মৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজন বুলি উল্লেখ কৰে। জাতীয় সংগীতেৰে সভাৰ সামৰণি মৰা হয়।

Your Comments