বঙাইগাঁৱৰ প্ৰণৱ কুমাৰ ডেকাৰ প্ৰতিবেদন:
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ৫০ সংখ্যক মৃত্যু দিৱস অহা ২০ জুনত বঙাইগাঁও শিল্পী সমাজে জিলাখনৰ চাপৰাকাটাত উদযাপন কৰিব। বঙাইগাঁও জিলা শিল্পী সমাজৰ উদ্যোগত আৰু চাপৰাকাটা-পোপৰাগাঁওবাসী ৰাইজৰ সহযোগত চাপৰাকাটা বজাৰগৃহত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলগীয়া কলাগুৰুৰ মৃত্যু বাৰ্ষিকী উপলক্ষে উক্তদিনা পুৱা বঙাইগাঁও জিলা শিল্পী সমাজৰ সভাপতি দীপক দাসে পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। কলাগুৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা জনাব বিশিষ্ট সাংস্কৃতিক কৰ্মী জগদ্বীশ বৰ্মনে। শ্বহীদ তৰ্পণ মুকলি কৰিব ৰাভা দিৱস উদযাপন সমিতিৰ সভাপতি ব্ৰজমোহন ৰায়ে। একেদৰে গছ পুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰিব প্ৰাক্তন শিক্ষক তথা সমাজকৰ্মী ব্ৰজমোহন নাথে। মৃত্যু দিৱস কাৰ্যসূচীৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পাছতে বিশিষ্ট লেখক হলিৰাম দাসে বিষ্ণু প্ৰসাদ ৰাভাৰ কৰ্মৰাজিৰ ওপৰত তাত্বিক আলোচনা দাঙি ধৰিব।
দুপৰীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনা অনুষ্ঠানৰ লগতে অবিনাশ দাসৰ কবিতা পুথি 'হৃদয় স্পন্দন' উন্মোচন কৰিব সাহিত্য অকাডেমী যুৱ বঁটাপ্ৰাপ্ত প্ৰতীম বৰুৱাই। বিয়লি অনুষ্ঠিত হ'ব ৰাভা সংগীত প্ৰতিযোগিতা আৰু বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা অনুষ্ঠান।
বঙাইগাঁও জিলা শিল্পী সমাজৰ সাধাৰণ সম্পাদক দিগন্ত ৰায়ে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা স্মৃতি দিৱসৰ কাৰ্যসূচীত ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।
- Log in to post comments
- 33 views