সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ নামৰূপ শাখাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিৱেশন

namrup

নামৰূপৰ পৰা সমীৰণ বৰুৱাৰ প্ৰতিবেদন:

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ নামৰূপ শাখাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিৱেশনখন দেওবাৰে নামৰূপ শাখা সাহিত্য সভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। পুৱা ১০ বজাত পতকা উত্তোলন কৰে  নামৰূপ শাখা সমিতিৰ সভানেত্ৰী আৰতী দেবী শৰ্ম্মাই, স্মৃতি তৰ্পণ কৰে কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক অনিমা বৰুৱা দেউৰীয়ে। ইয়াৰ পাছতে মহিলা সকলৰ সুপ্ত প্ৰতিভা জাগৰণৰ বাবে এক প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। namrup2

দুপৰীয়া প্ৰায় ১ বাজি ৩০ মিনিটৰ পৰা আৰম্ভ মুকলি সভাত সভাপতিত্ব কৰে আৰতী দেবী শৰ্ম্মাই। উদেশ্য ব্যাখ্যা আৰু সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে নামৰূপ শাখাৰ সম্পাদিকা পাহাৰী  শইকীয়াই। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে লেখিকা সমাৰোহ সমিতিৰ ডিব্ৰুগড় জিলাৰ সভানেত্ৰী ড° ভাৰতী দও আৰু সম্পাদিকা ৰেনু ফুকনে। 

তদুপৰি, সভাত উপস্থিত থাকে নামৰূপ শাখা সাহিত্য সভাৰ সভাপতি মনিকান্ত চেতিয়া, তেজস্বীনী ব‍ঁটাপ্ৰাপ্ত কবি বি বি মহন্ত, অনিমা বৰুৱা দেউৰী, ৰূপালী মহন্ত পাটগিৰি, গোপাল মিলি আদি গণ্য মান্য ব্যক্তিসকল। 

সভাত নামৰূপ লেখিকা সমাৰোহ সমিতিৰ মুখপাত্ৰ অৰ্চনা বৰদলৈৰ সম্পাদনাৰে প্ৰস্তুত কৰি উলিওৱা মুখপত্ৰ 'পাটকাই নন্দিনী' উন্নোচন কৰে বন্তি মিলিয়ে। এই অনুষ্ঠানতে বিশিষ্ট লেখিকা তথা কবি ৰূপালী মহন্ত পাটগিৰিক নামৰূপ শাখাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। সভাপতিৰ মন্তব্য আৰু শলাগৰ শৰাইৰে অনুষ্ঠানৰ সামৰণি পৰে।

Your Comments