বঙাইগাঁৱৰ পৰা প্ৰণৱ কুমাৰ ডেকাৰ প্ৰতিবেদন:
অসম বহুভাষিক কবি সন্মিলনৰ অন্তৰ্গত বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত আজি বঙাইগাঁও বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখনি সাধাৰণ সভা আৰু কবি সন্মিলন অনুষ্ঠিত হয় ৷ এটি সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা সভাখনত সভাপতিত্ব কৰে বহুভাষিক কবি সন্মিলনৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি ড৹ হৰ্ক বাহাদুৰ ছেত্ৰীয়ে। তদুপৰি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সমিতিৰ সম্পাদক মানস ৰঞ্জনে।
সভাখনত প্ৰথমে বিশ্ব শান্তিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয়। ইয়াৰ পিছতে নতুনকৈ গঠন হোৱা বঙাইগাঁও জিলা বহুভাষিক কবি সন্মিলনৰ কাৰ্যনিবাহক সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকলে শপত গ্ৰহণ কৰে। শপত বাক্য পাঠ কৰোৱাই কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি কাজী শ্বমীমে।
সভাত অসম বহুভাষিক কবি সন্মিলনৰ প্ৰধান সম্পাদক শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই কাব্যানুষ্ঠানটোৰ লক্ষ্য, উদ্দেশ্য আৰু সাংগঠনিক দিশ সম্পৰ্কে ভাষণ আগবঢ়ায়। সভাত জিলা সমিতিয়ে প্ৰকাশ কৰি উলিওৱা অসম বহুভাষিক কবি সন্মিলনৰ প্ৰচাৰ পত্ৰিকাও উন্মোচন কৰা হয়। প্ৰচাৰ পত্ৰিকা উন্মোচন কৰে জিলা সমিতিৰ সভাপতি ড৹ হৰ্ক বাহাদুৰ ছেত্ৰীয়ে। সভাত অপূৰ্ব গোস্বামী আৰু কাজী শ্বমীমে মূল্যবান বক্তব্য আগবঢ়ায়। লগতে জ্যোতিষ কুমাৰ শৰ্মাই এটি গীত পৰিৱেশন কৰে। পিছত সভাপতিৰ বক্তব্যৰে সভাখনৰ সামৰণি পৰে।
ইপিনে সাধাৰণ সভাৰ সমাপ্তিৰ পিছতে ড৹ হৰ্ক বাহাদুৰ ছেত্ৰী আৰু কাব্যমণি কাজী শ্বমীমৰ সঞ্চালনাত এখন কবি সন্মিলন অনুষ্ঠিত হয়। বৰপেটা, চিৰাং আৰু বঙাইগাঁও জিলাৰ কবিসকলে এই কবি সন্মিলনত স্বৰচিত কবিতা পাঠ কৰে। কবি সন্মিলনখনত কবি পৱিত্ৰ কুমাৰ নাথ, সাধন দে, নৰসিং মিশ্ৰ, নিহাৰ ৰঞ্জন পাল, মইদান আলী, পূৰ্ণ কাফলে, স্বপ্না দেব, নগেন চন্দ্ৰ হাজৰিকা, হিৰণময়ী দাস, মইনুল হক, জাহাংগীৰ আলম, মালা বৰুৱা, পিংকি শৰ্মা বৰদলৈ, ৰাস্না বনিয়া, টুম্পা কুমাৰী, মোঃ মোস্তাফিজুৰ ৰহমান, মানস ৰঞ্জন, অনামিকা ৰায়, জ্যোতিষ কুমাৰ শৰ্মা,অপূৰ্ব নাথ, ৰমলা ৰায় সৰকাৰ, অপূৰ্ব গোস্বামী, ড৹ হৰ্ক বাহাদুৰ ছেত্ৰী, কাজী শ্বমীম আৰু শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই কবিতা পাঠ কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।
কবি সন্মিলনৰ শেষত জিলা সমিতিৰ সম্পাদক মানস ৰঞ্জনে শলাগৰ শৰাই আগবঢ়ায় ৷
- Log in to post comments
- 31 views