গোলাঘাটৰ পৰা বিশেষ প্ৰতিবেদন
৫৪ বৰ্ষ গৰকা গোলাঘাট জিলা সাংবাদিক সংস্থাৰ এখন গুৰুত্বপূৰ্ণ বিশেষ প্ৰতিনিধি সভা আজি অনুস্থিত হয়। অধিবেশন উপলক্ষে পূৱা জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয়ত সংস্থাৰ পতাকা উত্তোলন কৰে সংস্থাৰ সভাপতি সোনাৰাম ভৰালীয়ে। সদ্য প্ৰয়াত সাংবাদিক অমূল্য দত্তৰ স্মৃতিত স্মৃতি তৰ্পন কৰে সাংবাদিক অমূল্য দত্তৰ পত্নী মিনু দত্ত গগৈ আৰু দুই কন্যাই। ইয়াৰ পিছতে শ্বহীদ তৰ্পন কৰে সংস্থাৰ সাধাৰণ সম্পাদক ৰোহিত গগৈ আৰু সম্পাদক সমীৰন দিগন্ত বৰাই।
ইয়াৰ পিছতে গোলাঘাট পৌৰসভাৰ লক্ষীনাথ বেজবৰূৱা সভাগৃহত অনুস্থিত হয় বিশেষ প্ৰতিনিধি সভা। জিলা সাংবাদিক সংস্থাৰ সভাপতি সোণাৰাম ভৰালীৰ সভাপতিত্বত অনুস্থিত হোৱা সভাত প্ৰতিনিধি সকলক আদৰণী জনায় কায্যকৰী সভাপতি বিকাশ শৰ্মাই। সংস্থাৰ মূখ্য উপদেষ্টা ৰাধিকা বল্লভ গোস্বামীয়ে সভাখন আনুস্থানিকভাৱে উদ্ধোধন কৰে। তেওঁ সংস্থাৰ ঘাত প্ৰতিঘাতৰ মাজেৰে গৌৰৱোজ্জল সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি আজি ৫৪ টা বৰ্ষৰ ইতিহাস ৰোমণ্ঠন কৰে।
প্ৰতিনিধি সভাখনত উপদেষ্টা অপূৰ্ব কুমাৰ বৰুৱা আৰু মেৰিপানী সাংবাদিক সংস্থাৰ সম্পাদক বাবুল শইকীয়াই সাংগাঠনিক দিশৰ ওপৰত বিশেষভাৱে বক্তব্য প্ৰদান কৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক ৰোহিত গগৈয়ে। বিশেষ কাৰণবশত: সাধাৰণ সম্পাদক ৰোহিত গগৈয়ে সাময়িক ভাৱে সংস্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি লৈ সমীৰণ দিগন্তক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে। এই সভাতে সাংগাঠনিক দিশৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট মহকুমা সাংবাদিক সংস্থা গঠন কৰা হয়। প্ৰতিনিধি সভাই সৰ্বসন্মতিক্ৰমে নগেন বৰাক সভাপতি, দ্বীপমণি খাটনিয়াৰক কাৰ্যকৰী সভাপতি, সপোন তামূলী, হেমন্ত শইকীয়া আৰু আবু আহমেদক উপ সভাপতি, ৰিতুৰাজ বৰুৱা আৰু প্ৰণৱ চক্ৰৱৰ্তীক সাধাৰণ সম্পাদক, দীপক শইকীয়া, ৰিতুপৰ্ণ দত্ত আৰু কুমুদ বৰাক সহকাৰী সম্পাদক হিচাপে লৈ ২১ জনীয়া মহকুমা সমিতি গঠন কৰে।
এই সভাতে গোলাঘাট জিলাত ভয়াৱহ ভাৱে বৃদ্ধি পোৱা ড্ৰাগছ ব্যৱসায় নিয়ন্ত্ৰণ কৰিবৰ বাবে গোলাঘাট জিলা প্ৰশাসনক দাবী জনাই সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে শেহতীয়াকৈ ড্ৰাগছৰ কৱলত পৰি অকালতে মৃত্যু হোৱা সঞ্জীৱ গোস্বামীৰ প্ৰতি প্ৰতিনিধি সভাই গভীৰ শোক প্ৰকাশ কৰে আৰু এই ঘটনাত জড়িতক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায়। সভাত সাংগাঠনিক দিশৰ ওপৰত দ্বীপেন বৰা,দীপক শইকীয়া, চুলতান আলি, বেদান্ত ভাৰ্গৱ বৰা ,অৱনী শৰ্মা আদিয়ে বক্তব্য আগবঢ়ায়।
- Log in to post comments
- 7 views