গুমৰাৰ কৃতি শিক্ষক আবু সাহান বৰভূঞাৰ অকাল বিয়োগ, সমগ্ৰ কাটিগৰাত শোকৰ ছাঁ

aabu

শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্রতিবেদন :
বিগত এমাহে সুদূৰ চেন্নাইত চিকিৎসাধীন হৈ থাকি যোৱা শনিবাৰে আপোন গৃহভূমি শিলচৰলৈ উভতি অহাৰ পিছতেই হঠাৎ মৃত্য বৰণ কৰে গুমৰাৰ কৃতি তথা যুৱ শিক্ষক   আবু সাহান বৰভূঞাই। আজি আবেলি ৫ বজাত তেওঁৰ শেষ বিদায় (জানাজা )অনুষ্ঠিত হ'ব বুলি পৰিবাৰৰ তৰফৰ পৰা জানিৱ পৰা গৈছে। উল্লেখ্য যে বিগত কিছুদিনৰ পৰাই আবু কৰ্কট ৰোগত ভুগি আছিল। সদা হাস্য বদনে থকা আবুৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলবাসীয়েই শোকত ম্ৰিয়মান হৈ পৰিছে।মৃত্যুৰ সময়ত তেওঁ পিতৃ,মাতৃ,সহধৰ্ম্মিণীসহ এটি কন্যা শিশুক এৰি থৈ যায়।

Your Comments