বাহাৰঘাটৰ পৰা নৰেন শৰ্মাৰ প্ৰতিবেদন:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২০ খন হাইস্কুলৰ দশম শ্ৰেণীত অধ্যয়ন কৰা চৰকাৰী শিক্ষানুষ্ঠানৰ ৯১০ গৰাকী শিক্ষাৰ্থীক নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই নিজৰ দৰমহাৰ ধনৰে পূৰ্বৰ দৰে আজিও খাতিকুছিস্থত পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি একোখনকৈ সহায়িকা পুথি বিতৰণ কৰে।
আজি দুপৰীয়া পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ্যক্ষা মঞ্জুৰাণী ভূঞাই সভাপতিত্ব কৰা সভাখনৰ উদেশ্য বাখ্যা কৰে সহ শিক্ষক দীপক শৰ্মাই। সভাত নলবাৰী সমষ্টিৰ বিধানয়ক অশোক শৰ্মাই পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ তুলনাত বৰ্তমানৰ বিজেপি মিত্ৰঁজোত চৰকাৰে শিক্ষাৰ্থীসকলৰ বাবে আগৱঢ়ো বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি তেওঁ চৰকাৰী বিদ্যালয়ত অধ্যায়ন কৰা শিক্ষাৰ্থীক বিনামূলীয়া কিতাপ, বহী, সহায়িকা পুথিৰ লগতে আৰ্থিক সাহাৰ্য প্ৰতিবছৰে সমষ্টিত বিতৰণ কৰি শিক্ষাৰ্থীসকলক উৎসাহ দিয়াৰ উদ্দেশ্যেৰ কথা সদৰী কৰে। বিধায়ক শৰ্মাই লগতে কৃতীমান ছাত্র ছাত্ৰীসকলে যাতে সময়ৰ সোঁতত উটি ভাঁহি নগৈ ভৱিষ্যতে সমাজ তথা দেশৰ মংগলৰ বাবে কাম কৰি যাব পাৰে তাৰ বাবেও আহ্বান জনায়।
সভাত কামৰূপ কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক সজ্ঞীৱ গোস্বামীয়ে ভাষণত শিক্ষাৰ্থীসকলে অধ্যয়নৰ সময়ত শিক্ষাগুৰুৰ জ্ঞান চকু সদায় নিৰীক্ষণ কৰি পঢ়িলে ভৱিষ্যতে শিক্ষা আহৰণত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব বুলি ছাত্ৰ ছাত্ৰীক জনায়। যিগৰাকী ছাত্র ছাত্ৰীয়ে শ্ৰেণীত কোঠাত শিক্ষক তৃতীয় চকুক লক্ষ্য কৰি পাঠদান গ্ৰহণ কৰে সেইজন শিক্ষাৰ্থীয়ে অধ্যয়নৰ সকলো কথা আয়ত্ব কৰিব পাৰিব। শিক্ষাবিদগৰাকীয়ে লগতে ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া আৰু লিখাৰ ওপৰতো বিস্তাৰভাৱে বুজাই গণিতৰ অংক শিক্ষাৰো ছাত্ৰ ছাত্ৰীসকলক উপায় দিয়ে। লগতে বিধায়ক অশোক শৰ্মাৰ এনে পদক্ষেপ শিক্ষাৰ নৱদ্বীপ নলবাৰীক আৰু আগুৱাই নিব বুলি মন্তব্য কৰে।
সভাত ঘগ্ৰাপাৰ ৰাজহৰ দক্ষিণ প্ৰান্তৰ ২০ খন চৰকাৰী বিদ্যালয়ৰ ৯১০গৰাকী দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক একোখন সহায়িকা পুথি বিতৰণ কৰা উপৰিও বনভাগ খাতা দিজহাৰী হাইস্কুল ন গৰাকী কৃতীমান ছাত্ৰ ছাত্ৰীক আৰ্থিক সাহাৰ্য প্ৰদান কৰে।
সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শিৱনাথ কলিতা, অধ্যক্ষা মঞ্জুৰাণী ভূঞাই ভাষণত বিধায়ক শৰ্মাই প্ৰতিবছৰে ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা এই সাহাৰ্যৰ বাবে শিক্ষানুষ্ঠাখনে সন্তোষজনক ফলাফল লাভ কৰা বুলি সদৰী কৰে।
উল্লেখ্য যে, বিধায়ক অশোক শৰ্মাই আজি তিনি বছৰে তেওঁৰ দৰমহাৰ ধনৰে প্ৰতিবছৰে সমষ্টিৰ চৰকাৰী বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক একোখন সহায়িকা পুথি আৰু প্ৰতিবছৰে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সমষ্টিৰ ভিতৰতে সৰ্বাধিক নম্বৰ লাভ কৰা তিনিগৰাকী শিক্ষাৰ্থীক এমাহৰ দৰমহা প্ৰদান কৰি মহানুভৱতা দেখুৱাই আহিছে বুলি শৈক্ষিক মহলত চৰ্চিত হৈছে।
- Log in to post comments
- 23 views