ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰৰ প্ৰতিবেদন:
হোজাই জিলাৰ মোৰাঝাৰৰ পদুমনি জাতীয় বিদ্যালয়ত আজি এখনি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। আজি দিনৰ ১১ বজাত বিদ্যালয়খনৰ অধ্যক্ষ মিচবাহ উদ্দিনে সভাপতিত্ব কৰা সভাত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীক মানপত্ৰ, গামোচা আদিৰে সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয়ৰ উপাধ্যক্ষ নজৰুল ইছলামে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত ডবকা হাজী আনফৰ আলী কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক ড° হাছিনুচ চুলতান মুখ্য অতিথি হিচাপে উপস্থিত থাকি নিজৰ ভাষণত ছাত্ৰ-ছাত্ৰীয়ে নিজৰ জীৱনত কেনেকৈ সফলতা লাভ কৰিব পাৰে, সেই বিষয়ে বহু কেইটা গুৰুত্বপূৰ্ণ কথা দাঙি ধৰে। ড° চুলতানে নিজৰ ভাষণত আৰু কয় যে শিক্ষা থকাজনেই সমাজত আটাইতকৈ শক্তিশালী, শিক্ষা আছে মানে নিজে শক্তিশালী, সমাজ শক্তিশালী, শিক্ষাৰ কোনো বিকল্প নাই। দৰিদ্ৰতাই শিক্ষা গ্ৰহণত বাধা নিদিয়ে, প্ৰৱল ইচ্ছা শক্তি থাকিলে এনে বাধাক হেলাৰঙে ওফৰাই মানুহ এজনে জীৱনত আগবাঢ়িব পাৰে বুলিও উল্লেখ কৰে।
সভাখনত উপস্থিত থকা নিউজ এ.এচ.এন ৰ জেষ্ঠ সাংবাদিক জমিৰ উদ্দিন তালুকদাৰে নিজৰ ভাষণ প্ৰসংগত বিদ্যালয়খনৰ শিক্ষকসকলৰ কঠোৰ পৰিশ্ৰমৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে এই সফলতা লাভ কৰা বুলি উল্লেখ কৰে।
উক্ত অনুষ্ঠানত মোৰাঝাৰ জাতীয় একাডেমীৰ সঞ্চালক বিলাল উদ্দিন, গাইডেন্স জুনিয়ৰ কলেজৰ অধ্যক্ষ ছাদিকুজ জামান, সুকবি আলেয়া তালুকদাৰকে ধৰি বহু গণ্য-মান্য লোক উপস্থিত থাকে।
- Log in to post comments
- 9 views