লাহৰীঘাটত কিশোৰী ধৰ্ষণকাৰী গ্ৰেপ্তাৰ 

laharighat

লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম, ১৪ জুন:

লাহৰীঘাটত সংঘটিত হৈছে এক জঘন্য ঘটনা। লাহৰীঘাট বৰখাবল গাঁৱৰ বিবাহিত লম্পট আমিনুল হকৰ কামনাৰ বলি হৈ ১৩ বছৰীয়া কিশোৰ এগৰাকী ৪ মাহৰ অন্তঃসত্বা হোৱা ঘটনা পোহৰলৈ আহিছে। 

লাহৰীঘাট থানাৰ অন্তৰ্গত উত্তৰ ছেনিমাৰী গাঁৱৰ অতি দৰিদ্ৰ আব্দুল ছাত্তাৰৰ কন্যাগৰাকীক লম্পট আমিনুল হকে ফুচুলাই নি চাৰি-পাঁচ দিন এনে অসৎ কাৰ্য কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে। ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পিতৃয়ে লাহৰীঘাট থানাত এজাহাৰ দাখিল কৰাত লাহৰীঘাট আৰক্ষীয়ে লম্পট আমিনুল হকক গ্ৰেপ্তাৰ কৰি ২৩১/১৯ নম্বৰৰ এটি গোচৰ ৰুজু কৰি আজি জেল হাজতলৈ প্ৰেৰণ কৰে।

Your Comments