বঙাইগাঁও জিলা প্ৰশাসনৰ অবৈধ চুলাই মদৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ

bgn

বঙাইগাঁৱৰ পৰা প্ৰণৱ কুমাৰ ডেকা, ১৪ জুনঃ 

চুলাই মদক কেন্দ্ৰ কৰি যোৱা ফেব্ৰুৱাৰী মাহত যোৰহাট আৰু গোলাঘাট জিলাত সংঘটিত হোৱা হৃদয় বিদাৰক ঘটনাৰ দৰে তেনে কোনো ঘটনাৰ পুনৰাবৃত্তি নোহোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্য বঙাইগাঁও জিলা প্ৰশাসনে চুলাই মদৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ হাতত লৈছে। জিলাখনত চুলাই মদৰ সৰবৰাহ ৰোধ কৰিবৰ বাবে আবকাৰী বিভাগৰ তৰফৰ পৰা সঘন অভিযান চলাই থকা হৈছে।

শেহতীয়াকৈ আবকাৰী বিভাগৰ বঙাইগাঁও সদৰ আবকাৰী পৰিদৰ্শক অকন ভট্টাচাৰ্যৰ নেতৃত্বত আবকাৰী দলে ১২ জুনৰ পুৱা প্ৰায় ৪ বজাৰ পৰা ৯ বজালৈ নিউ বঙাইগাঁও বিজি কলনিত অভিযান চলাই অবৈধ চুলাই মদ  সৰবৰাহ কৰা বুধিৰাম ব্ৰহ্ম নামৰ এজনক লোকক আবকাৰী আইনৰ (সংশোধনী)২০১৮ ৰ ৫৩(১) (ক) ৰ ধাৰাৰ অধীনত আটক কৰে। আটকাধীন লোকজনৰ পৰা ২০ লিটাৰ চুলাই মদও জব্দ কৰে। পিছত আটকাধীন লোকজনক বঙাইগাঁও জিলাৰ ন্যায়িক আদালতত হাজিৰ কৰোৱাত আদালতে ব্যক্তিজনক জেল হাজোতলৈ প্ৰেৰণ কৰে। bgn5

আনহাতে, ১৩ জুনত বঙাইগাঁও সদৰ আবকাৰী দলে বঙাইগাঁও চহৰৰ পাগলাস্থান অঞ্চলত অভিযান চলাই শংকৰ চাহানী নামৰ এজন চুলাই বেপাৰীক ১০ লিটাৰ চুলাই মদৰ সৈতে আটক কৰে। পিছত  আদালতত হাজিৰ কৰোৱাত আদালতে লোকজনক জেল হাজোতলৈ প্ৰেৰণ কৰে। bgn7

ইপিনে, বঙাইগাঁও জিলাৰ অভয়াপুৰী আবকাৰী চক্ৰৰ আবকাৰী পৰিদৰ্শক পুলিন দাসৰ তত্ত্বাবধানত অভয়াপুৰী-বঙাইগাঁও আবকাৰী দলে বইটামাৰী উপ-আৰক্ষী চকীৰ সশস্ত্ৰ আৰক্ষী বাহিনীৰ সহযোগত ১ জুনত উত্তৰ শালমাৰা  মহকুমাৰ অন্তৰ্গত ঢাকনাবাৰী, তালগুৰি আদি অঞ্চলত অভিযান চলাই দিগন্ত বৰ্মন আৰু দুৰত বৰ্মন নামৰ দুজন অবৈধ চুলাই মদ প্ৰস্তুত কৰা ব্যবসায়িক আটক কৰাৰ লগতে প্ৰায় তিনিশ লিটাৰ চুলাই মদ বনাবলৈ ৰখা 'পাছ' আৰু দহ লিটাৰ চুলাই মদ জব্দ কৰি ব্যৱসায়ী দুজনক অভয়াপুৰী মহকুমা ন্যায়িক আদালতত হাজিৰ কৰে। পিছত আদালতে চুলাই ব্যৱসায়ী দুজনক জেল হাজোতলৈ প্ৰেৰণ কৰে।

Your Comments