বঙাইগাঁৱত ড্ৰাগছসহ দুজনক আটক

drugs

বঙাইগাঁৱৰ পৰা প্ৰণৱ কুমাৰ ডেকা, ১৪ জুনঃ 

মাৰাত্মক ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে বঙাইগাঁও চহৰ। শেহতীয়াকৈ আৰক্ষীয়ে চহৰখনত ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰতৰ কৰি তুলিছে অভিযান। এই অভিযানৰ মাজতে যোৱা নিশা পুনৰ আৰক্ষীয়ে ড্ৰাগছসহ দুজন যুৱকক আটক কৰে।

জানিব পৰা মতে, উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন্দ্ৰ দাসে বৃহস্পতিবাৰে নিশা আঠমান বজাত উত্তৰ বঙাইগাঁৱৰ ৰে'লৱে বিজি কলনিৰ কালীবাৰীত গোপনে এক অভিযান চলায়। এই অভিযানকালতে আৰক্ষীয়ে ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত ড্ৰাগছসহ দুজন যুৱকক আটক কৰে। আটক কৰা ড্ৰাগছ ব্যৱসায়ী দুজন ক্ৰমে নিউ কলনি কালীবাৰীৰ তাপস ছেত্ৰী আৰু চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ডাঙাইগাঁৱৰ দেৰহাচাৎ বসুমতাৰী। আটক কৰা ড্ৰাগছ ব্যৱসায়ী যুৱক দুজনৰ পৰা আৰক্ষীয়ে ড্ৰাগছসহ (ব্ৰাউন চুগাৰ) দুটা সৰু বটল, চিৰিঞ্জ, মোবাইল, নগদ ধন আদি উদ্ধাৰ কৰাৰ লগতে এএছ ১৯ এম ১৬৫৬ নম্বৰৰ এখন স্কুটীও জব্দ কৰে। পিছত আটকাধীন দুয়োজনকে বঙাইগাঁও সদৰ থানালৈ আনি অধিক তথ্যৰ বাবে জেৰা কৰে। ইপিনে আজি আটকাধীন যুৱক দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বঙাইগাঁও আদালতত হাজিৰ কৰোৱাত আদালতে দুয়োজনকে জেল হাজোতলৈ প্ৰেৰণ কৰে। bgn

উল্লেখ্য যে, যোৱা এঘাৰ জুনৰ নিশাও চিৰাং আৰু বঙাইগাঁও আৰক্ষীয়ে যৌথ অভিযান চলাই  উত্তৰ বঙাইগাঁও পৰিৱেশ উন্নয়ন উদ্যানৰ সমীপৰ পৰা ধৰ্মেন্দ্ৰ ৰায় নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক ড্ৰাগছ সহ আটক কৰিছিল।

Your Comments