বঙাইগাঁৱৰ পৰা প্ৰণৱ কুমাৰ ডেকা, ১৪ জুনঃ
শুক্ৰবাৰে সাহিত্য অকাডেমীয়ে ঘোষণা কৰা সাহিত্য অকাডেমীৰ বড়ো ভাষাৰ যুৱ বঁটা লাভ কৰিছে চিৰাং জিলাৰ বিজনী মহকুমাৰ দেৱানপাৰাৰ যুৱ কবি ৰুজৱ মুছাহাৰীয়ে। ৰঙিয়া মহাবিদ্যালয়ত সম্প্ৰতি বড়ো বিভাগত অধ্যাপনা কৰি থকা ৰুজৱ মুছাহাৰীয়ে তেওঁৰ 'ছানশ্ৰী আৰো মৌনদাংথিনি মৌখাং' নামৰ কবিতা পুথিৰ বাবে এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে। এই কবিতা পুথিখনি প্ৰকাশ হৈছিল ২০১৮ চনৰ ডিচেম্বৰত।
এতিয়ালৈ ব্ৰহ্মৰ তিনিখন কবিতা পুথি প্ৰকাশ হোৱাৰ উপৰি এখনি ৰচনা সংগ্ৰহ গ্ৰন্থ প্ৰকাশ পাইছে। তেওঁৰ অন্যান্য গ্ৰন্থ সমূহ হৈছে 'বায়দি বিন্থি বায়দি ছাউৰায়থায়', 'মৌনছে ছম নেইনানেই', 'আং তাগিৰতা মৌনো ছুখুনি গেহেৰাউৱো মাছে জিবো' আৰু 'ছানশ্ৰী আৰো মৌনদাংথিনি মৌখাং'।
বিজনীৰ গুণ্ডামাৰা দেৱানপাৰা নিবাসী সবিৰাম মুছাহাৰী আৰু বিমলা মুছাহাৰীৰ পুত্ৰ ৰুজৱ মুছাহাৰীয়ে গুণ্ডামাৰা প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক, গুণ্ডামাৰা সৌমদন হাইস্কুলৰ পৰা প্ৰৱেশিকা, বিজনী মহাবিদ্যালয়ৰ পৰা স্নাতক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাকোত্তৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।
- Log in to post comments
- 4 views