নলবাৰী মেডিকেল কলেজৰ নিৰ্মীয়মান কামৰ পৰিদৰ্শন মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ

himanta

বাহাৰঘাটৰ পৰা নৰেন শৰ্মাৰ প্ৰতিবেদন, ১৪ জুন:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত  দক্ষিণগাঁৱৰ প্ৰস্তাৱিত ভুমিত নলবাৰী চিকিৎসা মহাবিদ্যালয় পূৰ্ণগতি চলি থকা নিৰ্মাণ কাৰ্য আজি স্থাস্থ‍্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰিভ্ৰমণ কৰাৰ লগতে চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদত বৃক্ষৰোপন কাৰ্য্যসূচীৰো শুভাৰম্ভ কৰে৷ 

উল্লেখযোগ্য যে, মন্ত্ৰীগৰাকীয়ে আজি দুপৰীয়া ভাগত মঙ্গলদৈৰ সাংসদ দিলীপ শইকীয়া, নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা সহ গড়কাপ্তানী বিভাগৰ বিষয়াবৰ্গৰ সৈতে  নলবাৰীৰ ঘগ্ৰাপাৰৰ দক্ষিণগাঁৱৰ নিৰ্মীয়মান নলবাৰী চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে এই চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদত মন্ত্ৰী ড° শৰ্মা, মঙ্গলদৈৰ সাংসদ দিলীপ শইকীয়া, নলবাৰীৰ বিধায়ক অশোক শৰ্মাই এজোপাকৈ মুল‍্যৱান গছৰ পুলি ৰোপন কৰে।baharghat

মন্ত্ৰী শৰ্মাই বৃক্ষৰোপন কৰি কয় যে বৃক্ষ বিহীন পৃথিৱীত মানুহ জীয়াই থকা অসম্ভৱ। বৃক্ষ থাকিলেহে মানুহকে ধৰি জীৱ জন্তু জীয়াই থাকিব। লগতে মন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদত এক হাজাৰ বৃক্ষৰোপন কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশক দিয়ে।

ইয়াৰ পিছত মন্ত্ৰী শৰ্মাই চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মীয়মানকাৰী সংস্থা, বিভাগীয় বিষয়া কৰ্মচাৰীসকলৰ সৈতে এক আলোচনাত মিলিত হৈ চিকিৎসা মহাবিদ্যালয়খনৰ কামৰ অগ্ৰগতিৰ খতিয়ান লয়। লগতে মন্ত্ৰী শৰ্মাই নলবাৰী চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণৰ কাম নিৰ্ধাৰিত সময়সুচী অনুসৰি সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকললৈ নিৰ্দেশ  জাৰি কৰে।

ইফালে মন্ত্ৰীগৰাকীৰ আজি এই পৰিদৰ্শন কালতে স্থানীয় ৰাইজে চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মীয়মান বান্ধে খতিসাধন কৰা সন্দৰ্ভত আৰু লগতে ভৱিষ্যতে এই সমস্যাটো সমাধান কৰাৰ বাবে মন্ত্ৰীগৰাকীক এখন আৱেদন পত্ৰ প্ৰদান কৰে।

Your Comments