গোলাঘাটৰ প্ৰতিবেদক, ১৪ জুন:
বিগত কিছু দিন ধৰি সমগ্ৰ গোলাঘাটখনেই অনৈতিক কাৰ্যৰ ৰম্যভূমিত পৰিণত হোৱা অভিযোগক প্ৰমাণিত কৰি চৰম লজ্জাজনক ঘটনা সংঘটিত হ'ল চহৰখনত। বৃহস্পতিবাৰে সন্ধিয়া ঘৰত কোনো নথকাৰ সুযোগ লৈ এজন ৬০ বছৰীয়া বৃদ্ধই এগৰাকী ৪ বছৰীয়া শিশুক ধৰ্ষণৰ অপচেষ্টা কৰি ৰাইজৰ ৰোষৰ বলি হ'বলগীয়া হয়।
মাজুলীৰ দূৰ্গা ঘোষ নামৰ এই বৃদ্ধজনে গোলাঘাটৰ এৰেঙাপাৰা অঞ্চলত নতুনকৈ মাটি কিনি ঘৰ সাজিছিল। যদিওঁ কালি কণমানি শিশু গৰাকীক নিৰ্মাণৰত ঘৰটোলৈ ফুচুলাই নি ধৰ্ষণৰ দৰে অপকৰ্ম কৰিবলৈ চেষ্টা চলাওতেই ৰাইজ উপস্থিত হৈ লম্পটজনক চৰ -গোৰেৰে উত্তম মধ্যম সোধাই আৰক্ষীক গটাই দিয়ে।
- Log in to post comments
- 16 views