চিৰাঙত বন বিভাগৰ অভিযান,১৫ লক্ষাধিক টকাৰ কাঠ জব্দ

kath

বঙাইগাঁওঃ ১৩ জুনঃ

বন বিভাগে বুধবাৰৰ পৰা চলোৱা ধাৰাবাহিক অভিযানত জিলাখনৰ বিভিন্ন স্থানৰ পৰা প্ৰায় ১৫ লক্ষাধিক টকা মুল্যৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে । জিলা সদৰ কাজলগাঁওস্থিত চিৰাং বন সংমণ্ডল বিষয়াৰ  কাৰ্যালয়ৰ নিচেই কাষতে থকা বিলাসপুৰ আৰু পদ্মপুৰ অঞ্চলৰ পৰা জব্দ কৰে এই বৃহৎ পৰিমানৰ চোৰাং কাঠসমূহ । উল্লেখিত অঞ্চল সমূহত দীৰ্ঘদিনৰ পৰা চোৰাং কাঠৰ ব্যবসায় চলি থকাৰ অভিযোগ আছে । কিন্ত একাংশ বন বিষয়া তথা আৰক্ষীৰ মিতিৰালিত চলি থকা এই চোৰাং কাঠৰ অবৈধ কাৰবাৰৰ বিৰুদ্ধে জিলাখনৰ কেইজনমান সংবাদ কৰ্মীৰ নেৰানেপেৰা চেষ্টাৰ ফলত বন বিভাগে এই অভিযান চলাবলৈ বাধ্য হয় । বন বিভাগৰ এই অভিযানত শাল , গমাৰী , লালীকে ধৰি বৃহৎ পৰিমানৰ কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে ৷

Your Comments