বঙাইগাঁওঃ১৩ জুনঃ
বঙাইগাঁও জিলা প্ৰশাসনে আজি চৰকাৰী মাটি বেদখল কৰি অবৈধভাৱে স্থাপন কৰা দুটাকৈ ইটা ভাটাৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায় ৷ জানিব পৰা মতে বঙাইগাঁও জিলা প্ৰশাসনে আজি দিনৰ ভাগত জিলাখনৰ উত্তৰ শালমাৰা মহকুমাৰ দলনী বীল ৰাজহ গাঁওৰ অন্তৰ্গত তিলাপাৰা অঞ্চলত চৰকাৰী মাটি বেদখল কৰি অবৈধভাৱে গঢ় লৈ উঠা দুটাকৈ ইটা ভাটা ক্ৰমে 'আমাৰ ইটা ভাটা' ( A. B.F.) আৰু 'নতুন ইটা ভাটা' ( N. B. F. )ৰ বিৰুদ্ধে অভিযান চলাই উচ্ছেদ কৰে।
বইটামাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পার্থপ্ৰতীম নেওগৰ তত্বাৱধানত চলা এই উচ্ছেদ অভিযানত তেওঁক উত্তৰ শালমাৰা মহকুমাৰ সহকাৰী আয়ুক্ত তন্ময় ঘোষ আৰু আৰক্ষীয়ে সহায় কৰে। ইপিনে চক্ৰ বিষয়াগৰাকীয়ে অভিযানৰ সফল সমাপ্তিৰ অন্তত জনায় যে বঙাইগাঁও জিলা প্ৰশাসনে অনৈতিক তথা অবৈধ কাৰ্যৰ বিৰুদ্ধে সদায় শূন্য সহণশীলতাৰ মনোভাব পোষণ কৰিব আৰু এনেধৰণৰ অবৈধ ভূমি বেদখলৰ বিৰুদ্ধে ভৱিষ্যতেও সময়ে সময়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি থাকিব।
- Log in to post comments
- 10 views