জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন, ১২ জুন:
বুৰঞ্জীপ্ৰসিদ্ধ শিৱসাগৰ জিলাৰ হাঁহচৰা লংকাক গোহাঁই গাঁৱৰ নিবাসী পিতৃ বুবুল বুঢ়াগোহাঁই আৰু মাতৃ মঞ্জু বুঢ়াগোহাঁইৰ সু-কন্যা মুনমী বুঢ়াগোহাঁই হৈছে এগৰাকী ব্যতিক্ৰমী যুৱতী। বৰ্তমান সময়ত যিদৰে নৱপ্ৰজন্ম সকলে চছিয়েল মিডিয়া ফেচবুক, হোৱাটচাপক গুৰুত্ব প্ৰদান কৰি নিজৰ বহুমূলীয়া সময়বোৰ অবাবত খৰছ কৰে, তেনে সময়তে গোহাঁই গাঁৱৰ মুনমীয়ে চছিয়েল মিডিয়াৰ পৰা সম্পূৰ্ণৰূপে বিৰত থাকি তেওঁৰ বহুমূলীয়া সময়বোৰ পাৰ কৰাৰ লগতে জীৱন অতিবাহিত কৰিছে এজাক কণমানি শিশুৰ সৈতে। মুনমীৰ এই প্ৰশংসনীয় পদক্ষেপক লংকাক গোহাঁই গাঁওবাসীয়ে সমৰ্থন কৰিছে।
মুনমীয়ে লংকাক গোহাঁই গাঁও প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক পৰ্য্যায় অধ্যয়ন কৰি হাঁহচৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সেইখন মহাবিদ্যালয়ৰ পৰাই স্নাতকোত্তৰ পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হৈছে।
অন্যান্য যুৱক-যুৱতীৰ দৰে মুনমীয়ে চছিয়েল মিডিয়া ফেচবুক, হোৱাটচাপত ব্যস্ত নাথাকি হাঁহচৰা লংকাক গোহাঁই গাঁৱতে "মন এটি আশা" নামৰ এটি দল গঠন কৰি সম্পূৰ্ণ বিনামুলীয়াকৈ তেওঁ শিশুসকলে বিচৰা কাম বিলাক প্ৰশিক্ষণৰ দ্বাৰা শিকাই গৈছে। ছবি, নাটক, কবিতা আদি সম্পূৰ্ণ প্ৰশিক্ষণৰ জৰিয়তে শিকোৱাৰ সমান্তৰালভাৱে শিশুসকলক শিকাইছে মানুহ গঢ়াৰ কৌশল।
সমগ্ৰ অসমত তেওঁ নিজেই শিৱসাগৰক প্ৰতিনিধিত্ব কৰি ছবি, কবিতা আৰু অন্যান্য শিল্পৰ ক্ষেত্ৰত শিৱসাগৰৰ গৌৰৱ অক্ষুণ্ণ ৰাখিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰি সোণৰ পদককে ধৰি অন্যান্য বহুতো স্থান পাইছে।
সেই গৰাকী যুৱতীয়েই নিজা প্ৰচেষ্টাত শিশুসকলক লৈ তিনিমাহৰ কেইমাহমানৰ পূৰ্বে প্ৰকাশ কৰি উলিয়াই এখন শিশু আলোচনী "মন এটি আশা" আৰু তেওঁ শিল্পগুৰু বঁটাপ্ৰাপ্ত ৰেৱকান্ত মহন্তৰ ওচৰত মূখা শিল্পৰ আৰ্হিত নিজ গৃহতেই সাজি উলিয়াইছে বহুতো মূখা। তাৰোপৰি পেলনীয়া বস্তুৰে বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰি 'ক্ৰিয়েটিভ ইউটিলাইজেচন অব ৱেষ্ট মেটৈৰিয়েল্ছ' বিষয়ত 'ইণ্ডিয়া বুক অব ৰেকৰ্ডছ'ত নিজৰ নাম অন্তৰ্ভুক্ত কৰি অসমৰ লগতে শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হ'ল।
উল্লেখ্য যে, মুনমীয়ে বিগত বহু বছৰৰ পৰা বিভিন্ন পেলনীয়া বস্তুৰ পৰা বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰি আহিছে। বৰ্তমানলৈকে ৫৫ বিধৰো অধিক সামগ্ৰী নিৰ্মাণ কৰি মুনমী বুঢ়াগোঁহাইৰ এই কৰ্মৰ স্বীকৃতি হিচাপে তেওঁৰ নাম 'ইণ্ডিয়া বুক অব ৰেকৰ্ডছ'ত অন্তৰ্ভুক্ত হোৱা খবৰে গাঁও তথা জিলাখনৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।
এই স্বীকৃতি - পত্ৰ গ্ৰহণ কৰিবলৈ মুনমীক হাৰিয়ানালৈ নিমন্ত্ৰণ কৰা হৈছিল যদিও ব্যস্ততাৰ বাবে যাবলৈ অসমৰ্থ হোৱাত কুৰিয়াৰ যোগে কৰ্তৃপক্ষই উক্ত স্বীকৃতি - পত্ৰ শিৱসাগৰলৈ প্ৰেৰণ কৰে। সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত প্ৰশিক্ষণ দিয়া মুনমী এতিয়া শিৱসাগৰ জিলাৰ হাঁহচৰা অঞ্চলৰ বাবে গৌৰৱ হৈ পৰিছে। মুনমী হাজাৰ গৰাকী শিশু, যুৱক-যুৱতীৰ বাবে আদৰ্শ। তেওঁ হৈ পৰক কৰ্মমুখী সমাজৰ প্ৰেৰণাৰ উৎস। তেওঁৰ এই বৃহৎ সফলতাক অঞ্চলবাসীৰ লগতে অসমবাসীয়ে ভূয়সী প্ৰসংশা কৰিছে।
- Log in to post comments
- 13 views