লাহৰীঘাটৰ পৰা স্বামীমূল ইছলামৰ প্ৰতিবেদন :
মৰিগাঁও জিলাৰ নৈ-পৰীয়া অঞ্চল লাহৰীঘাটৰ বিভিন্ন বিদ্যালয়ৰ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনা প্রায় অৰ্ধ শতাধিক কৃতি ছাত্র ছাত্ৰীক আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ টেঙাগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু টেঙাগুৰি ইকৰা একচেলেঞ্জ একাডেমিৰ সহযোগত একোখনকৈ ফুলাম গামোচা, কিতাপ আৰু প্ৰসস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে অবিভাৱক সকলকো একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । সম্বৰ্ধনা অনুষ্ঠানটোত আমন্ত্ৰিত অথিতি সকলে ছাত্র ছাত্ৰী সকলৰ ভৱিষ্যত জীৱন সম্পৰ্কে বহু সাৰুৱা বক্তব্য প্ৰদান কৰে।
সম্বৰ্ধনা অনুষ্ঠানটোত উপস্থিত থাকে ইকৰা একচেলেঞ্জ একাডেমীৰ অধ্যক্ষ ওৱাহিদুৰ ৰহমান , উপাধ্যক্ষ মহিবুৰ ৰহমানৰ লগতে বিদ্যালয়খনৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী সকল আমছুৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি দিলোৱাৰ হুছেইন, সম্পাদক মনোৱাৰ হুছেইন , উপ সভাপতি চান মাহমুদ , প্ৰাক্তন সভাপতি আক্তাৰ হুছেইন, কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক আনোৱাৰ হুছেইন,মিঞা যুৱ পৰিষদৰ সাধাৰণ সম্পাদক ফেৰদৌছ জিন্নাৰ লগতে আমছুৰ বিভিন্ন পৰ্যায়ৰ কৰ্মী সকল ।
অনুষ্ঠানটোত প্ৰায় দুই শতাধিক ছাত্র ছাত্ৰীৰ লগতে অবিভাৱক অবিভাৱিকা সকলো উপস্থিত থাকে।
- Log in to post comments
- 19 views