গোলাঘাটৰ পৰা মীনাক্ষি ফুকন
যোৱা ৯ জুনত গোলাঘাটৰ এজন মেধাৱী ছাত্ৰ ড্ৰাগছ আসক্ত হৈ মৃত্যু মুখত পৰাৰ লগে লগে ড্ৰাগছৰ ঘাটি হৈ পৰা গোলাঘাটত আৰম্ভ হৈছে ৰাজহুৱা প্ৰতিবাদ।ইয়াৰ পৰিপ্ৰেক্ষিতত গোলাঘাট আৰক্ষীয়ে আৰম্ভ কৰিছে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান।সেইমৰ্মে বুধবাৰে পুৱাভাগত ফৰকাটিং অঞ্চলত দুজন ড্ৰাগছ আসক্ত যুৱকক আটক কৰাৰ পিছতেই ফৰকাটিঙৰ ৰে'লৱে ক'লনিৰ পৰা ৩ গৰাকীকৈ মহিলা ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।
আটকাধীন মহিলাকেইগৰাকীৰ পৰা ১.৯ কেজি গাঞ্জা, ০৮ গ্ৰাম ব্ৰাউন চুগাৰ, নগদ ৫৯ হাজাৰ টকাৰ লগতে দুখন মটৰচাইকেল ,ম'বাইল ফোন আৰু এটিএম কাৰ্ড জব্দ কৰিছে।
- Log in to post comments
- 8 views