নৰেন শৰ্মা,বাহাৰঘাট,১২জুন
আলিগড়ত নিষ্ঠুৰ মানৱৰ হাতত মৃত্যুক আকোঁৱালি লোৱা কণমানি টুইংকল শৰ্মাৰ আত্মাৰ শান্তিৰ বাবে লগতে বৰ্তমান দেশ তথা ৰাজ্যত নিত্য সংঘটিত হ'ব ধৰা অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে বৰভাগ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই এখন শ্ৰদ্ধাঞ্জলি অনুস্ঠানৰ লগতে এক প্ৰতিবাদী কাৰ্যসূচীৰো আয়োজন কৰে।উক্ত অনুষ্ঠানতে কনমানি টুইংকলৰ হত্যাৰ সুবিচাৰ দাবী কৰাৰ লগতে দোষীক উপযুক্ত শাস্তি দিয়ায়ো দাবী জনায়৷অনুস্ঠানটোত মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ লগতে ছাত্র ছাত্ৰী সকলেও উপস্থিত থাকে।
- Log in to post comments
- 6 views