নিউজ ডেস্ক:
উত্তৰ গুৱাহাটীৰ শিলসাকোঁস্থিত জিএমডিএ সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰত সাঁতোৰ প্ৰশিক্ষণ চলি আছে।প্ৰশিক্ষক লম্বোধৰ ডেকা আৰু প্ৰশান্ত দাসৰ তত্বাৱধানত ২০১৯ বৰ্ষৰ সাতোৰ প্ৰশিক্ষণ উত্তৰ গুৱাহাটী শিলসাকোঁৰ সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰত আৰম্ভ হৈছে।অঞ্চলটোৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে আন ব্যক্তিসকলে প্ৰশিক্ষণৰ সুবিধা লাভ কৰিছে।
'ছোৱান এছচিয়েছন'ৰ তৰফৰ পৰা লম্বোধৰ ডেকাই জানিবলৈ দিয়া মতে অহা জুলাই মাহৰ ১ তাৰিখৰ পৰা গ্ৰীষ্ম বন্ধৰ লগত সংগতি ৰাখি প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।
ইচ্ছুক প্ৰশিক্ষৰ্থীসকলক নিম্নোলিখিত ৯৮৬৪১-২৯৭৮৫,৯৮৬৪০-৭২০৭০নম্বৰত যোগাযোগ কৰিবলৈ ছোৱান এছচিয়েছনৰ তৰফৰ পৰা অনুৰোধ জনাইছে।
- Log in to post comments
- 11 views