কোকৰাঝাৰৰ পৰা প্ৰতিনিধি
কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ ভোটগাঁৱৰ পৰা বুধবাৰে ৱাইল্ডলাইভ ট্ৰাষ্ট অব ইণ্ডিয়া আৰু বন বিভাগে যৌথ অভিযান চলাই এটা বনৰৌ উদ্ধাৰ কৰে । ৱাইল্ডলাইভ ট্ৰাষ্ট অব ইণ্ডিয়াৰ সদস্য সুৰয ভট্টাচাৰ্য আৰু গুঞ্জন মণ্ডলে সদৰি কৰা মতে এগৰাকী প্ৰকৃতিপ্ৰেমীৰ খবৰৰ ভিত্তিত বনবিভাগ আৰু ৱাইল্ডলাইভ ট্ৰাষ্ট অব ইণ্ডিয়াই যৌথভাৱে অভিযান চলাই ভোটগাঁৱৰ পৰা বনৰৌটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
এটা পৰিত্যক্ত কোঠাৰ পৰা সুস্থ অৱস্থাত উদ্ধাৰ কৰা বনৰৌটো পৰিত্যক্ত কোঠাটোত কেনেদৰে আশ্ৰয় লৈছিল,তাকে লৈ প্ৰকৃতিপ্ৰেমীসকলে আশ্চৰ্য প্ৰকাশ কৰিছে । ইপিনে উদ্ধাৰকৃত বনৰৌটো প্ৰত্যক্ষ কৰিবলৈ বহু লোকে ঘটনাস্থলীত ভিৰ কৰে।
- Log in to post comments
- 11 views