বৰভাগৰ পৰা সঞ্জয় দাসৰ প্ৰতিবেদন,১২ জুনঃ
আজি নলবাৰী জিলাৰ লেখক সভা প্ৰাঙ্গনত দিনৰ ১১ বজাত অৱসৰ প্ৰাপ্ত পশু চিকিৎসক ডাঃ বিপিন কলিতাৰ সভাপতিত্বত নলবাৰী জিলাৰ সাংবাদিক পৰিষদ সমিতি গঠন সম্পৰ্কে এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰাঞ্জল শৰ্মাই।সভাত বিভিন্ন দিশ আলোচনাৰ অন্তত নলবাৰী জিলা সমিটিখন গঠন কৰা হয়।সভাৰ শেষত সভাপতি ডাঃকলিতাই উক্ত সমিতিখনক ভবিষ্যতে শক্তিশালীৰূপ দি আগুৱাই নিবলৈ কৰ্মকৰ্তা সকলক আহ্বান জনায় আৰু আটাইৰে মঙ্গল কামনা কৰে। নৱগঠিত সমিতি খনৰ উপদেষ্টা মণ্ডলীত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক শশী শৰ্মা, শিক্ষাবিদ ডঃ দীপক কুমাৰ শৰ্মা, ডঃ লীনা ডেকা, ডঃ প্ৰমোদ হালৈ, হেমন্ত দত্ত, নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতা,নলবাৰী জিলা লেখক সভাৰ সভাপতি ৰফিউল হুছেইন বৰুৱা, সম্পাদক প্ৰধান বিজয় বৰুৱা, জ্যেষ্ঠ সাংবাদিক কমলেশ শৰ্মা,লেখক হিতেশ ডেকা, সমাজকৰ্মী ৰবীন মিশ্ৰ, বিশিষ্ট চিকিৎসক ডাঃ শুভ্ৰ কিংকৰ গোস্বামী আৰু ডাঃ অৰুণ বৰ্মনক অন্তৰ্ভুক্ত কৰা হয়।ইয়াৰ উপৰি অধিবক্তা - দেৱজিৎ গোস্বামী আৰু প্ৰীতিমা দেৱীক আইন উপদেষ্টা ।
আমাৰ অসমৰ , জাগাৰাৰ সাংবাদিক শৈলেন গোস্বামীক সভাপতি,অসমীয়া প্ৰতিদিন, বিজুলীঘাটৰ সাংবাদিক দীপুল বৈশ্যক কাৰ্যকৰী সভাপতি, আমাৰ অসম, বৰনদ্দীৰ সাংবাদিক -পুলেন চক্ৰৱৰ্তী, অসমীয়া প্ৰতিদিন, জাগাৰাৰ সাংবাদিক নলিনী কান্ত ডেকা, গণ অধিকাৰ , নতুন দেহৰৰ সাংবাদিক - কৃষ্ণ কান্ত বৈশ্যক উপ সভাপতি, এদিন, পূৱ নলবাৰী , নতুন কুৰুক্ষেত্ৰ -নলবাৰী, এন ই লাইভ ট্যুডে, প্ৰথম খবৰ ( পৰ্টেল মিডিয়া ) নলবাৰীৰ সাংবাদিক প্ৰাঞ্জল শৰ্মাক সাধাৰণ সম্পাদক, প্ৰতিবিম্ব, নলবাৰীৰ সাংবাদিক পাৰ্থ বৰ্মনক যুটীয়া সম্পাদক, দৈনিক জনমভূমিৰ টিহুৰ সাংবাদিক কুমুদ বৰ্মন আৰু পৰ্টেল মিডিয়া এ এছ এনৰ বৰভাগৰ সাংবাদিক সঞ্জয় দাসক সহকাৰী সম্পাদক, দৈনিক অগ্ৰদূতৰ বাহঁজানীৰ সাংবাদিক হেমন্ত কলিতাক আলোচনী সম্পাদক , আমাৰ অসম, কৈঠালকুছিৰ সাংবাদিক উদ্ধৱ ঠাকুৰীয়াক সাংস্কৃতিক সম্পাদক, পৰ্টেল মিডিয়া ভয়চ অব আছামৰ নলবাৰীৰ সাংবাদিক হীৰক জ্যোতি দাসক কোষাধ্যক্ষ, ভয়চ অব আছামৰ নলবাৰীৰ সাংবাদিক কিশোৰ কলিতাক হিচাপ পৰীক্ষক,এন ই লাইভ ট্যুডে পৰ্টেল মিডিয়াৰ ধমধমাৰ সাংবাদিক কুলদ্বীপ গৌতম শৰ্মাক কাৰ্যালয় সম্পাদক, প্ৰাগ নিউজ চেনেল, বিতুপন কাকতি, প্ৰতিবিম্ব লাইভৰ কেমেৰা পাৰ্ছন জিতু বৰ্মন, চেনেল ইষ্ট, চেনেল - নলবাৰী - হিমাংশু কলিতা, নতুন কুৰুক্ষেত্ৰৰ ঘগ্ৰাপাৰৰ সাংবাদিক শংকৰ কলিতা আৰু আমাৰ নলবাৰীৰ সাংবাদিক নয়ন মণি শৰ্মাক কাৰ্যকৰী সদস্য হিচাপে লৈ নলবাৰী জিলা সমিতিখন গঠন কৰা হয় ।
- Log in to post comments
- 52 views